অসম

assam

By

Published : Jan 27, 2021, 11:00 AM IST

Updated : Jan 27, 2021, 12:56 PM IST

ETV Bharat / state

জীয়াভৰলী নৈৰ পাৰত সাংবাদিকৰ বনভোজ

ব্যতিক্ৰমী অনুষ্ঠানেৰে জীয়াভৰলী নৈৰ পাৰত তেজপুৰৰ সাংবাদিক সকলৰ বনভোজ ৷ অত্যাধুনিক জাকজমকতা বৰ্জন কৰি স্থানীয় শিল্পী সকলক লগত লৈ আনন্দ-ফূৰ্তিৰ মাজেৰে নৈৰ পাৰত এসাঁজ খালে ৷

জীয়াভৰলী নৈৰ পাৰত সাংবাদিকৰ বনভোজ
জীয়াভৰলী নৈৰ পাৰত সাংবাদিকৰ বনভোজ

ৰঙাপৰা, 27 জানুৱাৰী:72 সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষ্যে তেজপুৰৰ সাংবাদিক সকলৰ ব্যতিক্ৰমী অনুষ্ঠান ৷ ঢোল-তাল, বিহু গীতৰ সুৰেৰে মুখৰিত হৈ পৰিল জীয়াভৰলী নৈৰ পাৰ ৷ দৈনিক ব্যস্ততাৰ পৰা আতৰি প্ৰকৃতিৰ সৈতে সময় পাৰ কৰিলে সাংবাদিক সকলে ৷ বন্ধু সৈতে এসাঁজ খোৱাৰ বাবে ব্যতিক্ৰমী ধৰণে নৈৰ পাৰত আয়োজন কৰিলে বনভোজৰ ৷ অত্যাধুনিক জাকজমকতা বৰ্জন কৰি স্থানীয় শিল্পী সকলক লগত লৈ আনন্দ-ফূৰ্তিৰ মাজেৰে তৃপ্তিৰে এসাঁজ খালে সাংবাদিকৰ দলটোৱে ৷

জীয়াভৰলী নৈৰ পাৰত সাংবাদিকৰ বনভোজ

উল্লেখ্যে যে,ৰঙাপৰাৰ তিনিজন সাংবাদিকে এই ব্যতিক্ৰমী পদক্ষেপেৰে অনুষ্ঠিত কৰে এক সুকীয়া বনভোজৰ ৷ জ্যেষ্ঠ সাংবাদিক পংকজ নাথ,ধনেশ্বৰ কলিতা আৰু আব্দুল ৱাছিদে পদক্ষেপ লোৱা এই বনভোজত বিহু আৰু অসমীয়া আধুনিক গীতেৰে আনন্দত মতলীয়া হৈ পৰে সাংবাদিক সকলৰ লগতে আন আন বনভোজৰ দল সমূহ ৷

লগতে পঢ়ক:ধিঙত উলহ-মালহেৰে বাথৌ পূজা পালন

Last Updated : Jan 27, 2021, 12:56 PM IST

ABOUT THE AUTHOR

...view details