তেজপুৰ, 13 ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ত মংগলবাৰে “ৰিফলেকচনছ অৱ ডেঞ্চ এলং দি ব্ৰহ্মপুত্ৰ” শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ প্ৰকাশিত গ্ৰন্থখনৰ সম্পাদনা কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ অধ্যাপক দেৱৰ্ষি প্ৰসাদ নাথ আৰু অ’কলেণ্ড বিশ্ববিদ্যালয়ৰ ড° বাৰ্বাৰা স্নুক আৰু অধ্যাপক ৰালফ বাকে । উল্লেখযোগ্য যে, নিউজিলেণ্ডৰ অকলেণ্ড বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ যুটীয়া সহযোগিতাত এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে ৷
গ্ৰন্থখনৰ প্ৰকাশক ৰ’টলেজ । একাধিক খণ্ডত প্ৰকাশ পাবলগীয়া গ্ৰন্থখনৰ সদ্য উন্মোচিত প্ৰথমটো খণ্ডত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ৰচনা কৰা 16 টা অধ্যায় সন্নিৱিষ্ট । এই গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি তথা গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অধ্যাপক শম্ভু নাথ সিং ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰা আৰু সংস্কৃতি সন্দৰ্ভত এখন তথ্যসমৃদ্ধ গ্ৰন্থ লিখি উলিওৱাৰ বাবে লেখকক প্ৰশংসা কৰে সিঙে ।