অসম

assam

By

Published : May 5, 2021, 1:06 PM IST

ETV Bharat / state

ৰঙাপৰাত কৃষকৰ হাহাকাৰ পৰিস্থিতি

ৰঙাপৰাত ধোঁৱাচাঙত উঠিল প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন চৰকাৰী আঁচনি ৷ উক্ত আঁচনি খনৰ পৰা এটুপি পানী নোপোৱা বুলি স্থানীয় কৃষক সকলে অভিযোগ কৰিছে ৷

red situation of the farmers' people in Rangapara
ৰঙাপৰাত কৃষকৰ হাহাকাৰ পৰিস্থিতি !

ৰঙাপৰা, 5 মে': মহামাৰী ক'ৰণা ভাইৰাছে মানৱ জাতিলৈ দুৰ্যোগ কঢ়িয়াই অনাৰ সময়তে ৰাজ্যৰ কোনো কোনো অঞ্চলত বৰষুণ নোহোৱা পৰিলক্ষিত হৈছে ৷ ফলত বিভিন্ন জিলাৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ফুলগুৰিৰ আমতলৰ কৃষক ৰাইজে শালি ধান খেতিৰ কঠীয়া সিঁচিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ৰঙাপৰাত কৃষকৰ হাহাকাৰ পৰিস্থিতি !

ইফালে লাখ-লাখ টকা খৰচ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন চৰকাৰী আঁচনি খন ধোঁৱাচাঙত উঠা বুলি অভিযোগ তুলিছে ৰাইজে । প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন আঁচনিৰ জৰিয়তে কৃষক ৰাইজৰ বাবে পানী যোগান ব্যৱস্থা কৰা হৈছিল যদিও আজি লৈকে উক্ত আঁচনিখনৰ পৰা উপকৃত নোহোৱা বুলি এক গুৰুতৰ অভিযোগ কৰিছে । দীৰ্ঘ দিন ধৰি উক্ত আঁচনি খনত জড়িত ঠিকাদাৰে আঁচনি খনৰ কাম সম্পূৰ্ণ নকৰাত পানী লাভ কৰাৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ কৰিছে কৃষক সকলে ৷

বছৰ বছৰ ধৰি দেশৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কৃষক ৰাইজৰ সমস্যাৰাজি আজিও সমস্যা হৈ থাকিল ৷ কোনো এখন চৰকাৰেই কৃষক সকলৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়াৰো আন এক অভিযোগ কৰিছে কৃষক ৰাইজে ৷ যাৰ ফলত কৃষক ৰাইজে আজিও বৰষুণৰ পানীৰ ওপৰতে ভৰষা কৰি কৃষি কাৰ্যত বৰ্তি থাকিবলগীয়া হৈছে। অতি শীঘ্ৰে কৃষক ৰাইজৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক-অগপ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত অতুল বৰা

ABOUT THE AUTHOR

...view details