ৰঙাপৰা, 3 নৱেম্বৰ :শোণিতপুৰ জিলাত একাংশ জল জীৱন মিছন আঁচনিৰ কাম চৰম ভেকোভাওনাৰে চলি থকাৰ অভিযোগ উঠিছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী জল জীৱন মিছন আঁচনিখন ঠায়ে ঠায়ে ধোঁৱা চাঙত উঠাৰ অভিযোগ উঠিছে । গ্ৰামাঞ্চলৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী দিয়াৰ উদ্দেশ্যৰে ৰূপায়ণ কৰা জল জীৱন আঁচনিখনৰ পৰা ৰাইজ উপকৃত হোৱাৰ বিপৰীতে বঞ্চিত হ’বলগীয়া হোৱাৰ অভিযোগ উঠিছে । ২০২৪ চনৰ 'ঘৰে ঘৰে নল, ঘৰে ঘৰে জল' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই অভিলাষী আঁচনি অনুসৰি প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী আগন্তুক নিৰ্দিষ্ট সময়ৰ ভিতৰত পাব লাগিছিল যদিও বিভাগীয় একাংশ বিষয়া-অভিযন্তা আৰু ঠিকাদাৰৰ চৰম মইমতালিৰ পৰিণতিত এই সম্ভাৱনা ক্ষীণ হৈ পৰিছে ।
মিছামাৰীত ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবে জল জীৱন মিছন আঁচনি ধোঁৱা চাঙত উঠাৰ অভিযোগ উঠিছে । মিছামাৰীৰ পাতিদৈ ভেৰেলা গাঁৱত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা জল জীৱন মিছন আঁচনিৰ কাম বিগত প্ৰায় দুটা বছৰে সম্পূৰ্ণ কৰি তুলিব নোৱাৰিলে ঠিকাদাৰ দীপক বুচ্চাৰে । মিছামাৰীত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা জল জীৱন মিছন আঁচনিখন ঠিকাদাৰ গৰাকীৰ হেমাহিৰ বাবে বিগত প্ৰায় দুটা বছৰে অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে৷ মূল্যবান পাইপবোৰ পৰিত্যক্ত অৱস্থাত পৰি আছে ।
পাতিদৈ ভেৰেলা গাঁৱত থকা পানী যোগান আঁচনিখন ক্ৰমান্বয়ে হাবি-জংঘলেৰে আগুৰিবলৈ ধৰিছে । এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপ বিচাৰিছে মিছামাৰীৰ ৰাইজে । এই সন্দৰ্ভত ঢেকিপেলোৱা বঙালী গাঁৱৰ নিৱাসী লক্ষণ কুমাৰ দাসে কয় যে মানুহক বিশুদ্ধ খোৱা পানীৰ অতিকৈ প্ৰয়োজন । মিছামাৰীৰ পাতিদৈ ভেৰেলা আৰু ঢেকিপেলোৱা বঙালী গাঁৱৰ প্ৰায় ৮০ শতাংশ মানুহৰ ঘৰত পানী ভাল নহয় ।