তেজপুৰ,6 ছেপ্তেম্বৰ: কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰাজ্যিক যুৱ পৰিক্ৰমা তথা খেল মন্ত্রীৰ লগতে অৰুণাচল প্ৰদেশৰ পশ্চিম সংসদীয় সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱে টুইটাৰযোগে ভাৰতীয় সেনাই সীমান্তস্থিত চীনা সৈন্যলৈ হটলাইন মেছেজ পঠিওৱাৰ কথা প্ৰকাশ কৰিছে ৷
বিগত 3 ছেপ্তেম্বৰত অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত নাচু ভাৰত-চীন সীমান্তৰ পৰা পাঁচগৰাকী অৰুণাচলৰ যুৱকক ৰঙা চীনৰ পিএলএ সেনাই সীমান্তৰ পৰা বন্দী কৰি লৈ যোৱাৰ পিছত ভাৰতীয় সেনাই সীমান্তত হটলাইন মেছেজ প্ৰেৰণৰ জৰিয়তে যুৱক কেইগৰাকীক ওভোতাই দিবলৈ আহ্বান জনায় ৷ ৰিজিজুৱে টুইটাৰত উল্লেখ কৰে যে,ভাৰতীয় সেনাই সীমান্তৱৰ্তী চীনা সৈন্যৰ এই মেছেজৰ উত্তৰৰ বাবে অপেক্ষা কৰিছে ৷