অসম

assam

SI কেলেংকাৰী সন্দৰ্ভত কি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ...

By

Published : Oct 12, 2020, 7:19 PM IST

SI কেলেংকাৰীৰ সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক চিআইডিয়ে সোধ-পোছৰ বাবে মতাৰ সন্দৰ্ভত গহপুৰত কি মন্তব্য প্ৰকাশ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই...

Reaction of DGP about SI Scam tezpur assam etv bharat news
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

তেজপুৰ,12 অক্টোবৰ:বিভিন্ন কাৰ্যসূচী সামৰি সোমবাৰে গহপুৰত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত মুখ্য সচিব পৰ্যায়ৰ এক বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত গহপুৰত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷ মহন্তই ৰাজ্য কপোৱা SI কাণ্ড সন্দৰ্ভত সংবাদ মাধ্য়মৰ সৈতে হোৱা সাক্ষাৎকাৰত বহু প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰে ৷

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

উল্লেখ্য যে,এই প্ৰসংগত মহন্তই কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ আৰু উপ-আৰক্ষী অধীক্ষকক চিআইডিয়ে সোধ-পোছৰ বাবে মতাৰ সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ কথা প্ৰকাশ কৰে ৷ এই তদন্ত সন্দৰ্ভত কাৰোবাৰ বিৰুদ্ধে কোনো শুংসূত্ৰ পালে সোধ-পোছৰ বাবে মতাতো কোনো ডাঙৰ কথা নহয় বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ শীঘ্ৰে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ আৰক্ষী সক্ষম হ’ব বুলি মহন্তই প্ৰকাশ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰায় 5 কোটি 37 লাখ নগদ ধন এই কেলেংকাৰীত জড়িত লোকৰ পৰা উদ্ধাৰ কৰিছে ৷ কিন্তু এই কেলেংকাৰীত জড়িত ব্যক্তিসকলৰ তালিকা ক্ৰমান্বয়ে দীঘল হৈ গৈ আছে ৷ আৰক্ষী সঞ্চালক গৰাকীয়ে গহপুৰ আৰক্ষী থানাৰ 1914 চনৰে ব্ৰিটিছ শাসনৰ ফাইলসমূহ সংৰক্ষণ কৰাৰ অৰ্থে অসম চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

লগতে চাওকঃনলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

ABOUT THE AUTHOR

...view details