তেজপুৰ, ১৭ অক্টোবৰ :তেজপুৰত পূজাত বেংকত ধন বিচাৰি গ্ৰাহকৰ হাহাকাৰ । কাৰণ বেংকৰ লেনদেন বন্ধ কৰাৰ নিৰ্দেশ দিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই । তেজপুৰৰ মহাভৈৰব কো-অপাৰেটিভ আৰ্বাণ বেংকৰ কোনো ধৰণৰ লেনদেন নকৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত এতিয়া গ্ৰাহকৰ মাজত হাহাকাৰ লাগিছে । এই বেংকটোত প্ৰায় ৮ কোটিৰ অধিক টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰা বাবে ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই নিৰ্দেশ অনুসৰি ১৩ অক্টোবৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ মুঠ ৪৫ দিনলৈ কোনোধৰণৰ ধন সংগ্ৰহৰ বা জমা বা উলিয়াই দিব নোৱাৰিব ।
বেংকৰ শাখা প্ৰবন্ধক প্ৰবীণ চন্দ্ৰ লহকৰে এই প্ৰসংগত কয় যে গ্ৰাহকৰ পৰা ঋণ পৰিশোধ নোহোৱা বাবে এই সিদ্ধান্ত ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা বেংকিং ৰেগুলেচন এক্ট, 1949ৰ ধাৰা 35Aৰ অধীনত জাৰি কৰা হৈছে । এই নিৰ্দেশনা (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) অনুসৰি ২০২৩ৰ ১২ অক্টোৱৰৰ নিৰ্দেশনা ক্ৰমাংক GWH DOS.ADM. No. 163 /01.10.101/2023-24 আগবঢ়োৱা হৈছে । উক্ত নিৰ্দেশনাৰ জৰিয়তে,এই বেংকটোক ১২ অক্টোৱৰত কাৰ্যালয় বন্ধ হোৱাৰ পিছৰ পৰা কাৰ্যকৰীভাৱে ঋণ লোৱা আৰু নতুন জমা গ্ৰহণ কৰা বা কোনো ঋণ/অগ্রিম ধন প্রদান কৰা বা কোনো ধৰণৰ ধন পৰিশোধ কৰা বা উক্ত নিৰ্দেশনাৰ বাহিৰে কোনো দায়বদ্ধতা পৰিশোধ / গ্ৰহণ কৰাত বাধা দিয়া হৈছে ।
উক্ত নিৰ্দেশনাৰ জৰিয়তে তেজপুৰস্থ মহাভৈৰব কো অপাৰেটিভ আৰ্বাণ বেংকৰ উপ-মহাপ্রবন্ধক, পৰ্যৱেক্ষণ বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, গুৱাহাটী কাৰ্যালয়লৈ প্ৰতি মাহৰ ব্যয়ৰ বিৱৰণ পৰৱৰ্তী মাহৰ ৭ তাৰিখৰ ভিতৰত নিৰ্ধাৰিত প্ৰ-পত্ৰত দাখিল কৰিবলৈ উল্লেখ কৰা হৈছে । আনহাতে, সকলো অংশীদাৰী/ জমাকাৰী/ ঋণগ্ৰহণকাৰীক অৱগত কৰাৰ উদ্দেশ্যে ব্যৱসায়িক চৌহদত এটা বিশিষ্ট স্থানত সংলগ্ন নিৰ্দেশনাৰ প্ৰতিলিপি প্ৰদৰ্শন কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে ।