অসম

assam

ETV Bharat / state

মিছামাৰীৰ ন-বিল পথাৰত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি - 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত শ্ৰী শ্ৰীকৃষ্ণ ৰাস

অহা 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে মিছামাৰীৰ ন-বিল পথাৰ গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ভাগ ৷ মূহ ৰাইজৰ উপস্থিতিৰ লগতে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা একান্ত ভাৱে কামনা কৰিছে আয়োজক সমিতিয়ে ৷

rash-mahotsav-preparation-at-nabil-pothar-of-misamari
মিছামাৰীৰ ন-বিল পথাৰত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

By

Published : Nov 22, 2020, 9:27 AM IST

ৰঙাপাৰা, 22 নৱেম্বৰ: বিগত বৰ্ষৰ দৰে এইবছৰো শোণিতপুৰ জিলাৰ মিছামাৰীৰ ন-বিল পথাৰ গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ মিছামাৰীৰ নবিল পথাৰ গাঁৱৰ সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয় ভাৱে উদযাপন হ'ব লগীয়া এই ৰাসলীলাক লৈ এতিয়া উদ্যোক্তা সকলৰ মাজত চলিছে ব্যাপক প্ৰস্তুতি চলিছে ৷ অহা 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে অনুষ্ঠিত হ'ব এই শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ভাগ ৷

মিছামাৰীৰ ন-বিল পথাৰত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ইতিমধ্যে ৰাসস্থলীত গায়ন-বায়নৰ খোল-তালৰ শব্দৰ তালে তালে আখৰা কৰাত ব্যস্ত হৈ পৰিছে শ্ৰীকৃষ্ণ, গোপীৰ লগতে বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিব লগীয়া কলা কুশলী সকল ৷ উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি, বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি মিছামাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি দশৱতাৰ নৃত্য নাটিকাৰ মঞ্চস্থ কৰা হ'ব ৷ শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ভাগিত সমূহ ৰাইজৰ উপস্থিতিৰ লগতে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা একান্ত ভাৱে কামনা কৰিছে আয়োজক সমিতিয়ে ৷

লগতে পঢ়কঃডিমা হাছাওত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত উগ্ৰপন্থী নিহত

For All Latest Updates

ABOUT THE AUTHOR

...view details