অসম

assam

ETV Bharat / state

ভৰা নৈৰ বুকুৰে বিপদসংকুল যাত্ৰা - পকী দলং

অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত ভৰা নদীত ৰাইজৰ বিপদ সংকূল যাত্ৰা ৷ দুটা বছৰে নিৰ্মাণ নহ'ল ভগ্ন পকী দলং ৷ গাৰ নোম শিয়ৰি উঠা দৃশ্য নদীৰ বুকুত ৷ যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন ৷

rangapora-dangerous-journey
rangapora-dangerous-journey

By

Published : Jul 22, 2020, 3:18 PM IST

ৰঙাপৰা, 22 জুলাই : শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়ালজুলিত ৰাইজৰ বিপদ সংকূল যাত্ৰা। বিজেপি চৰকাৰে ঢাক-ঢোল বজাই অহা উন্নয়নৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে অঞ্চলটোত। ভৰ বাৰিষাত ৰাইজৰ বিপদ সংকুল যাত্ৰা।

ভৰা নৈৰ বুকুৰে বিপদসংকুল যাত্ৰা

বিগত দুটা বছৰে বৃহত্তৰ অঞ্চলৰ বৃদ্ধ-বৃদ্ধা, যুৱক-যুৱতী আৰু কণ কণ শিশুসকলে ফেনে ফোটোকাৰে বাঢ়ি থকা কোবাল সোঁতৰ মাজেৰে কয়লাজুলি নদীখনৰ ইটো পাৰৰ পৰা সিটো পাৰলৈকে পাৰ হোৱা প্ৰতিটো দৃশ্য আপুনি স্ব-চকুৰে প্ৰত্যক্ষ নকৰিলে অনুধাৱন কৰিব নোৱাৰিব ৷ প্ৰতিদিনে বিপদ সংকূল ভাৱে যাতায়ত কৰিবলগীয়া হৈছে এইসকল লোকে ।

জিলাখনৰ ৰঙাপৰাৰ উৰহীলগা হৈ কয়লাজুলি-চাৰিদুৱাৰ সংযোগী গুৰুত্বপূৰ্ণ পথচোৱাৰ কয়লাজুলি নদীৰ ওপৰত থকা পকী দলঙখনৰ এটা অংশ দুবছৰ পূৰ্বে বাঢ়নি পানীয়ে ভাঙি পেলাইছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে ভগ্ন পকীৰ দলংখন ৰাজ্য চৰকাৰে আজিকোপতি নিৰ্মাণ নকৰাৰ ফলত ৰাইজে তেতিয়াৰ পৰা আজিলৈকে ভৰা নৈত প্ৰাণ হাতত লৈ বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে। এইয়া হৈছে পৰিৱৰ্তনৰ শ্ল'গান আওৰাই অহা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবি।

ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা ভিতৰুৱা অঞ্চলৰ কয়লাজুলি নদীখনৰ ওপৰত দলংখন নথকাৰ ফলত বিগত দুটা বছৰে স্থানীয় ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে চৰম দুৰ্ভোগ ভুগি অহা-যোৱা কৰিবলগীয়া হৈছে। বিশেষকৈ পথচোৱাত দলং নথকাৰ পৰিপ্ৰেক্ষিতত সংকটজনক ৰোগীক চিকিৎসা সেৱাৰ বাবে ৰঙাপৰা নাইবা তেজপুৰলৈ নিয়াৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজে ।

উল্লেখযোগ্য যে,গুৰুত্বপূৰ্ণ পথত থকা পাহাৰীয়া কয়লাজুলি নদীখনৰ ওপৰত নিৰ্মাণ হোৱা পকীৰ দলংখন উটুৱাই নিয়াৰ পাচৰে পৰা খৰালি দিনত বাঁহৰ দলং আৰু বাৰিষা কালত এইদৰেই ৰাইজে অহা-যোৱা কৰিবলৈ বাধ্য হৈছে। তীব্ৰ গতিত সোঁত বৈ থকা নদীখনৰ পানী গছকি ৰাইজে যাতায়ত কৰিবলৈ বাধ্য হৈছে। ৰাইজে চৰকাৰখনক কেৱল ধিক্কাৰ জনায় যন্ত্ৰণা ভুগি অহা-যোৱা কৰিছে। কয়লাজুলি অঞ্চলৰ ৰাইজে ভুগি অহা দুখ-দুৰ্দশা ৰাজ্য চৰকাৰখনে অনুধাৱন কৰিবনে,সেয়া পৰৱৰ্তীকালত লক্ষণীয় হ'ব।

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালক আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details