অসম

assam

ETV Bharat / state

কৃষি-কৰ্মৰে স্বাৱলম্বী হোৱা নতুন পথ ৰঙাপৰাৰ এজন যুৱকৰ কাহিনী - স্বাৱলম্বীতা

কৃষি-কৰ্মৰে স্বাৱলম্বীতাৰ নতুন পথঃপাঞ্জাৱত কৃষি উৎপাদনৰ ৫ বছৰ প্ৰশিক্ষণ লৈ অহা ওৰাঙে দেখুৱাইছে কম মাটিত অধিক লাভৰ নিদৰ্শন ৷

কৃষি-কৰ্মৰে স্বাৱলম্বীতাৰ নতুন পথ ৰঙাপৰাৰ এজন যুৱকৰ

By

Published : Apr 2, 2019, 12:52 PM IST

ৰঙাপৰা, ২ এপ্ৰিলঃৰাজ্যৰ একাংশ যুৱকে চৰকাৰী চাকৰিৰ আশা কৰি থকাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নাথগাঁৱৰ এজন যুৱকে দাঙি ধৰিছে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন। কৃষি-কৰ্মৰ জৰিয়তে বিৰ্জু ওৰাঙ নামৰ যুৱক জনে বাছি লৈছে স্বাৱলম্বীতাৰ নতুন পথ । পাঞ্জাৱত কৃষি উৎপাদনৰ বাবে ৫ বছৰ প্ৰশিক্ষণ লৈ অহা ওৰাঙে প্ৰথমে ৪ বিঘা মাটিত আৰম্ভ কৰা এই কৃষি বৃত্তিত ১০৭ মোন ধান পাইছিল। তাৰ পাচৰ পৰাই যুৱকজনে একাদিক্ৰমে কৰি গৈছে এই কৃষি কাৰ্য । বৰ্তমান ১০ বিঘা মাটিত যুৱকজনে ধানখেতি কৰি আছে যদিও জলসিঞ্চনৰ কোনো সুবিধা নথকাৰ বাবে খেতি-পথাৰত বহু সমস্যাই দেখা দিয়াৰ কথা উল্লেখ কৰে যুৱকজনে । ইফালে, ই.টি.ভি.ৰ সাংবাদিকৰ আগত যুৱকজনে চৰকাৰৰ পৰা কোনো সহায়-সহযোগিতাৰ নোপোৱাৰ কথাও ব্যক্ত কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজক বিভিন্ন সুবিধা প্ৰদান কৰি কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰতি আহ্বান জনাই কৃষক বিৰ্জু ওৰাঙে ।

কৃষি-কৰ্মৰে স্বাৱলম্বীতাৰ নতুন পথ ৰঙাপৰাৰ এজন যুৱকৰ

আনহাতে, বিৰ্জু ওৰাঙৰ কৰ্মতঅনুপ্ৰাণিত হৈএকে গাওঁৰে আন দুজন যুৱক হোমন ভূঞা আৰু মইনা নাথে আৰম্ভ কৰিছেনতুনকৈ কৃষি-কাৰ্য ।

ABOUT THE AUTHOR

...view details