ৰঙাপৰা,1 জানুৱাৰী:ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ ৷ 31 ডিচেম্বৰৰ নিশা বাগিচাখনৰ হাস্পতাল লাইনত চাৰিটাকৈ বনৰীয়া হাতী প্ৰৱেশ কৰে ৷ ইয়াৰ পিছতেই হাতীকেইটাই প্ৰমিলা খৰ আৰু জিনিমা হিয়াল নামৰ দুগৰাকীকৈ মহিলাৰ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰে ৷ ইয়াৰ উপৰিও হাতীৰ জাকটোৱে এখন মটৰচাইকেলৰো ক্ষতিসাধন কৰে ৷
তাৰাজুলি চাহ বাগিচাত পুনৰ আক্ৰমণ চলালে বন্যহস্তীয়ে - তাৰাজুলি চাহ বাগিচান বনৰীয়া হাতীৰ আক্ৰমণ বাতৰি
31 ডিচেম্বৰৰ নিশা ঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত চাৰিটাকৈ বনৰীয়া হাতীয়ে আক্ৰমণ চলাই দুটাকৈ বাসগৃহৰ লগতে সুলভ মূল্যৰ দোকান আৰু বাহনৰ ক্ষতিসাধন কৰে ৷
ইয়াৰ উপৰিও হাতীৰ জাকটোৱে বাগিচাখনৰ ৰাজেন্দ্ৰ দোগ্গাৰৰ সুলভ মূল্যৰ দোকাখনো সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷ ইয়াৰ পূৰ্বে বনৰীয়া হাতীয়ে ৰাজেন্দ্ৰ দোগ্গাৰৰ দোকানখন কেইবাবাৰো ক্ষতিসাধন কৰা বুলি জানিবলৈ দিয়ে গাওঁবাসীয়ে ৷ উল্লেখ্য যে, প্ৰায় প্ৰতিদিনে তাৰাজুলি চাহ বাগিচাত আক্ৰমণ চলাই আহিছে বন্যহস্তীয়ে ৷ এই সন্দৰ্ভত বাগিচাৰ লোকসকলে বাৰাম্বাৰ বন বিভাগক অবগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগটোৱে ৷ যাৰ বাবে বাৰে বাৰে জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷
লগতে পঢ়ক-পেট্ৰলিয়াম ক্ষেত্ৰ 2020: সমগ্ৰ দেশৰ বাবে ক্লিনাৰ অট' ইন্ধন আৰু দৰিদ্ৰজনৰ বাবে ৰন্ধন গেছ
TAGGED:
tarajuli tea garden