অসম

assam

By

Published : Apr 1, 2019, 2:48 PM IST

ETV Bharat / state

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম হেমাহি!!

ৰঙাপৰাত জৰাজীৰ্ণ গৃহতে বিপদসংকুলভাৱে শতাধিক ছাত্ৰ-ছাত্ৰীক পাঠদান ৷ জৰাজীৰ্ণ গৃহতে তিনিটাকৈ শ্ৰেণীত মুঠ ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱা ছবিয়ে  উদঙাই দিছে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম হেমাহি

ৰঙাপৰা,১ এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগৰ চৰম হেমাহিৰ বাবে বৰ্তমানেও প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ আছে ৰঙাপৰাৰ সোণাবিল মধ্য ইংৰাজী বিদ্যালয় । ১৯৯৭ চনত স্থাপিত হোৱা সোনাবিল মধ্য ইংৰাজী বিদ্যালয়খনৰ এটা জৰাজীৰ্ণ গৃহতে তিনিটাকৈ শ্ৰেণীত মুঠ ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱা ছবিয়ে উদঙাই দিছে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ । তথ্য অনুসৰি বৰ্তমান বিদ্যালয়খনত অধ্যয়ন কৰি আছে ষষ্ঠ শ্ৰেণীত ৩৮ জন, সপ্তম শ্ৰেণীত ৩৬ জন আৰু অষ্টম শ্ৰেণীত ৩৬ জন ছাত্ৰ-ছাত্ৰীয়ে । ইফালে পাঁচজনকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে বিনা বেতনে কষ্ট আৰু নিষ্ঠা সহকাৰে শিক্ষাদান কৰি আহিছে ছাত্ৰ-ছাত্ৰী সকলক । শিক্ষক-শিক্ষয়িত্ৰীসকল বহিবলৈও নাই চকী-টেবুলৰ ব্যৱস্থা । উল্লেখ্য যে, দেওবাৰে অহাবিধ্বংসী ধুমুহাত বিস্তৰভাৱে ক্ষতিসাধন হয় ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰি থকা গৃহটি । সম্প্ৰতি বিপদজনক ভাৱে উলমি আছে টিনপাত সমূহ ।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম হেমাহি


ইফালেৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক প্ৰাদেশীকৰণৰ কৰাৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠান ছাত্ৰ-ছাত্ৰীৰ অবিহনে চলি আছে তেনে সময়তে ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানখন চৰকাৰে প্ৰাদেশীকৰণৰ নকৰাটো অতি দুৰ্ভাগ্যজনক হিচাপে চিহ্নিত হৈছে।

ABOUT THE AUTHOR

...view details