ৰঙাপৰা,13 ফেব্ৰুৱাৰী:শোণিতপুৰৰ চাৰিদুৱাৰৰ চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা ৷ সহপাঠীৰ মাজৰ কাজিয়াই ল’লে ভয়ংকৰ ৰূপ ৷ এজন ছাত্ৰই চুৰিৰে খুচি আহত কৰিলে দুজনকৈ সহপাঠীক ৷
ঘটনা অনুসৰি, চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত সপ্তম শ্ৰেণীৰ এজন ছাত্ৰই চুৰিৰে খুচি আহত কৰিলে বিদ্যালয়খনৰ আন দুজন ছাত্ৰক ৷ বিদ্যালয়ৰ পাঠদান চলি থকা সময়তেই তিনিও ছাত্ৰৰ মাজত কোনো কথাক লৈ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিছতেই ছাত্ৰজনে চুৰিৰে আঘাতপ্ৰাপ্ত কৰে আন দুজন ছাত্ৰক ৷