ৰঙাপৰা,1নৱেম্বৰঃ শংখ-টিলিঙা শব্দ, আয়তিৰ উৰুলী, পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজত নাৰিকল ভাঙি আৰু ৰঙা ফিটা কাটি আজি দিনযোৰা কাৰ্যসূচীৰে ৰঙাপৰা সমষ্টিৰ সাতখন চাহ বাগিছাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । পোন প্ৰথমে মন্ত্ৰী গৰাকীয়ে ৰঙাপৰাৰ তেজপুৰ ঘগৰা চাহ বাগিছাত আধাৰশিলাৰ শুভাৰম্ভ কৰে । পাছত পৰ্যায় ক্ৰমে ফুলবাৰী, নাহৰণি, সোণাজুলি, ফুলবাৰী আৰু নিউ আদাবাৰী চাহ বাগিছাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে । অসমৰ জনজীৱনক পৃথিৱীৰ বুকুত গৌৰৱান্বিত কৰি অসমক অৰ্থনৈতিক আৰু সাংস্কৃতিক ভাৱে চহকী কৰা চাহ বাগিছাৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ মৎ উদ্দেশ্যৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো সাতখন চাহ বাগিছাত আদৰ্শ হাইস্কুল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।
মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসক গায়ন-বায়ন আৰু চাহ জনগোষ্ঠীয় নৃত্য গীতেৰে আধাৰশিলা স্থলীলৈ আদৰি লৈ যায়। বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰিন, এমট্ৰনৰ অধ্যক্ষ ৰিতুবৰণ শৰ্মা, অসম পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং আৰু জিলা বিজেপিৰ সভাপতি তুলসী বৰঠাকুৰ উপস্থিত থকা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে সাংসদ পল্লৱ লোচন দাসে । তেজপুৰ-ঘগৰা খেল পথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ শিক্ষা জগতৰ ইতিহাস, শিক্ষা বিভাগৰ বুৰঞ্জীত এটা দিনত একেলগে হাইস্কুল নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ কোনো নজিৰ নাছিল। কংগ্ৰেছ কৰিব নোৱাৰা এটা কাম আজি বিজেপিয়ে কৰি দেখুৱালে।