ৰঙাপৰা,২৪ মে' : বিধ্বস্ত হৈ পৰিছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ একাংশ পথ ৷ মিছামাৰীত কেইবাটাও গড়কাপ্তানি আৰু গ্ৰামাঞ্চলৰ পথ বিধ্বস্ত হৈ পৰাত এতিয়া যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছে সমগ্ৰ অঞ্চলবাসীয়ে ।
বিধ্বস্ত পথ! স্তব্ধ জনজীৱন! নৰৱ জনপ্ৰতিনিধি ! - etv_assam
মিছামাৰী-ধনখনা সংযোগী পথৰ বিধ্বস্ত ৰূপ । পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। মৰণ ফান্দলৈ পৰিণত হৈছে বিধ্বস্ত পথসমূহ।
![বিধ্বস্ত পথ! স্তব্ধ জনজীৱন! নৰৱ জনপ্ৰতিনিধি !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3372918-91-3372918-1558705143434.jpg)
পথ নে পুখুৰী ধৰিবকে নোৱাৰি !
পথ নে পুখুৰী ধৰিবকে নোৱাৰি !
মেৰামতিৰ অভাৱত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে মিছামাৰীৰ গৰুবন্ধা-ধনখনা চাৰিআলি সংযোগী পথচোৱা ৷ ধনখনা মধ্য ও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লেতেৰা পানী গছকিয়ে দৈনিক অহা-যোৱা কৰিবলগীয়া হৈছে । সম্প্ৰতি মৰণ ফান্দলৈ পৰিণত হৈছে বিধ্বস্ত পথসমূহ । ইমানৰ পাছতো পথ সমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷