ৰঙাপৰা,11 জুলাইঃশোচনীয় অৱস্থা ৰঙাপৰা সমষ্টিৰ একাংশ পথ ৷ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ। উল্লেখ্য যে ৰঙাপৰা-ধেন্দাই,ৰঙাপৰা-তাৰাজুলী সংযোগী অতি গুৰুত্বপূৰ্ণ পথচোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। গড়কাপ্তানী পথচোৱাৰ এনে শোচনীয় অৱস্থাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে বৃহত্তৰ এই অঞ্চলটোৰ ৰাইজে।
বিপদত পৰিছে ৰঙাপৰাৰ একাংশ লোক... - বিধ্বস্ত ৰূপ
কেবাবাৰো সহায় বিচাৰি বিমুখ হৈছে তেওঁলোক ৷ কোনে শুনিব তেওঁলোকৰ কথা,কাক ক'ব ?
বিপদত গাঁওবাসী
উল্লেখযোগ্য যে, ২০০৭-০৮ বৰ্ষত ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ উন্নয়ন আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ দ্বাৰা ঠিকাদাৰ সূৰ্য দাসে পথটো নিৰ্মাণ কৰিছিল, কিন্তু ৩.৯০ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱা পৰৱৰ্তী সময়ত মেৰামতি নকৰাৰ ফলত বৰ্তমান সময়ত বিধ্বস্ত হৈ পৰিছে পথছোৱা। যাৰবাবে বিধ্বস্ত পথেৰে যাতায়ত অব্যাহত ৰাখিছে সাধাৰণ ৰাইজে ৷