ৰঙাপৰা, 2মাৰ্চঃ সভাই সমিতিয়ে উন্নয়নৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত হোৱা নাই উন্নয়ন ৷ বিশেষকৈ প্ৰতিদিনাই ৰাস্তাৰ অভাৱত যমৰ যাতনা ভুগিব লগা হৈছে ৰাজ্যবাসীয়ে ৷ পথৰ অভাৱত ৰঙাপৰাৰ গোপাল ঠাকুৰবাসী ৰাইজে কান্দিব লগীয়া পৰিস্থিতি আহি পৰিছে ৷ এই অঞ্চলৰ ৰাইজে পথৰ অভাৱত বিপদ সংকূল ভাৱে যাত্ৰা কৰে ৰেল পথৰ মাজেৰে ৷
ৰঙাপৰা পৌৰসভা কাৰ্যালয়ৰ অন্তৰ্গত ১নং ৱাৰ্ডৰ দৈনিক বজাৰ-গোপাল ঠাকুৰ পথটি জৰাজীৰ্ণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে যাতায়তৰ ক্ষেত্ৰত আজিও দুৰ্ভোগ ভুগি আহিছে । তাৰোপৰি অঞ্চলটোত পানী নিষ্কাসনৰ ক্ষেত্ৰত উন্নত মানৰ নলা-নৰ্দমা নথকাৰ ফলত বাৰিষাৰ কালত উক্ত পথচোৱাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে । বছৰৰ পিছত বছৰ ধৰি উক্ত পথচোৱা নিৰ্মাণ তথা মেৰামতি নোহোৱাৰ ফলত স্থানীয় একাংশ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে উপায় বিহীন হৈ ৰঙাপৰা-ডেকাৰ গাঁও সংযোগী ৰে’ল পথচোৱাৰ ওপৰেদি বিপদ সংকূল ভাৱে অহা-যোৱা কৰি আহিছে । পথচোৱাৰ বাবে ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি অহাৰ অভিযোগ উঠিছে ।