ৰঙাপৰা,19নৱেম্বৰ:জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম গাফিলতিৰ বাবে শোণিতপুৰ জিলাৰ ৰঙাপৰাত অনাময় আঁচনিখন আজিও ভেকোভাওনাত পৰিণত হোৱা অভিযোগ উঠিছে । অনাময় আঁচনিখনৰ অধীনত নিৰ্মাণ হোৱা একাংশ শৌচাগাৰ এতিয়া ৰাইজে ব্যৱহাৰ কৰিব নোৱাৰে । কাৰণ শৌচাগাৰ সমূহ ঠিকাদাৰ সকলে নিম্নমানেৰে নিৰ্মাণ কৰাৰ বাবেই একাংশ শৌচাগাৰ এতিয়া জহি-খহি যাবলৈ ধৰিছে ।
ৰঙাপৰাত অনাময় আঁচনিৰ বিধ্বস্ত ৰূপ - মলত্যাগ
ফুটুকাৰ ফেনত নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযান ৷ ৰঙাপৰাত অনাময় আঁচনিৰ অধীনত নিৰ্মাণ হোৱা শৌচাগাৰৰ বিধ্বস্ত ৰূপে উদঙাইছে উন্নয়নৰ নগ্ন স্বৰূপ ৷ অঞ্চলটোত জনস্বাস্থ্য কৰিকৰী বিভাগৰ অধীনত নিৰ্মাণ হোৱা শৌচালয় সমূহৰ ওপৰৰ নাই টিনপাত,মাটিত পৰি আছে দৰ্জা।
ৰঙাপৰাত অনাময় আঁচনিৰ অধীনত নিৰ্মাণ হোৱা শৌচাগাৰৰ পৰৱৰ্তী সময়ত এনে অৱস্থালৈ ৰূপান্তৰিত হোৱাত স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপে উদঙাই দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ তথা প্ৰদূষণ মুক্ত পৰিস্কাৰ ভাৰত গঢ়াৰ প্ৰকৃত ছবিখন আজি এই ৰূপলৈ পৰ্যবসিত হৈছে । জনস্বাস্থ্য কৰিকৰী বিভাগৰ অধীনত নিৰ্মাণ হোৱা শৌচালয় সমূহৰ ওপৰৰ নাই টিনপাত,মাটিত পৰি আছে দৰ্জা। মুঠৰ ওপৰত গাঁও সমূহত বিধ্বস্ত অৱস্থাত পৰি আছে একাংশ শৌচাগাৰ । যি সময়ত কেন্দ্ৰীয় চৰকাৰে মুকলি ঠাইত মলত্যাগ নকৰিবলৈ বিভিন্ন ধৰণৰ সজাগতাৰ সৃষ্টি কৰি আহিছে তেনে সময়ত বিধ্বস্ত ৰূপত পৰি থকাৰ বাবে ৰাইজে শৌচাগাৰ সমূহ ব্যৱহাৰ কৰিব পৰা নাই ।
অন্য এক খবৰৰ বাবে: অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পন্ন