অসম

assam

ETV Bharat / state

চিকিৎসাধীন অৱস্থাত ৰঙাপৰাৰ এগৰাকী মহিলাৰ মৃত্যুঃ গণৰোষত পৰিল পত্নীহন্তা স্বামী - তেজপুৰ চিকিৎসা মহাবিদ্যালয়

স্বামীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা মহিলাক গৰাকীক চুবুৰীয়া ৰাইজে চাহ বাগিচাখনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৰঙাপৰাৰ এগৰাকী মহিলাৰ মৃত্যুঃ গণৰোষত পৰিল পত্নীহন্তা স্বামী

By

Published : Mar 30, 2019, 9:53 PM IST

তেজপুৰ, 30মাৰ্চ : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চাহ বাগিছাৰ এগৰাকী মহিলাই শুকুৰবাৰেচিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । তথ্য অনুসৰি, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীগাঁও চাহ বাগিচাৰ ইটাভাটা লাইনৰ ৰামু কৰ্মকাৰে পত্নী ফুলন্তী কৰ্মকাৰক কোনো কথাক কেন্দ্ৰ কৰি নিশা 12মান বজাত মাৰধৰ কৰে । স্বামীৰ প্ৰহাৰত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱা মহিলাক গৰাকীক চুবুৰীয়া ৰাইজে চাহ বাগিচাখনৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও মহিলা গৰাকীৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৰঙাপৰাৰ এগৰাকী মহিলাৰ মৃত্যুঃ

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ফুলন্তী চিকিৎসাধীন হৈ থকাঅৱস্থাত স্বামী ৰামুৱে চিকিৎসালয়ত পুনৰ প্ৰহাৰ কৰাত মহিলাগৰাকীয়েমৃত্যুক সাৱটি লয় । মৃত মহিলা গৰাকীৰ মৃতদেহ চাহ বাগানলৈ অনাৰ পিছত পৰিস্থিতি উত্তপ্ত হয় । স্থানীয় একাংশ মহিলা উত্তপ্ত হৈ পত্নীক হত্যা কৰাৰ অভিযোগ তুলি স্বামী ৰামুক প্ৰহাৰ কৰে । ৰাইজৰ প্ৰহাৰত আহত হোৱা ৰামুক ৰঙাপাৰাৰ আৰক্ষীয়ে আটক কৰে । পাছত গুৰুতৰভাৱে আহত ৰামু কৰ্মকাৰক ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় ।

ABOUT THE AUTHOR

...view details