অসম

assam

ETV Bharat / state

ৰঙাপাৰাত কৃত্ৰিম বানপানী

ৰঙাপাৰা পৌৰসভাই পানী নিষ্কাষণৰ বাবে বিজ্ঞানসন্মত ভাৱে নলা-নৰ্দমাসমূহ নিৰ্মাণ নকৰাৰ ফলত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানী ৷ কৃত্ৰিম বানপানীৰে ভৰি পৰিছে ঠাকুৰবাৰী অঞ্চল

ৰঙাপাৰাত কৃত্ৰিম বানপানী

By

Published : May 24, 2019, 1:03 PM IST

ৰঙাপাৰা 24 মেঃ এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ কৱলত শোণিতপুৰ জিলাৰ ৰঙাপাৰা ৷ ৰঙাপাৰা পৌৰসভাই পানী নিষ্কাষণৰ বাবে বিজ্ঞানসন্মত ভাৱে নলা- নৰ্দমাসমূহ নিৰ্মাণ নকৰাৰ ফলত সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানী ৷ কৃত্ৰিম বানপানীৰে ভৰি পৰিছে ঠাকুৰবাৰী অঞ্চল ৷ শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপসনাস্থলী গুৰুদ্বাৰাকে ধৰি ব্যৱসায় প্ৰতিষ্ঠান আৰু বাসগৃহৰ ভিতৰত বৰষুণৰ পানীৰে উপচি পৰে। উল্লেখ্য যে ৰঙাপাৰাত প্ৰত্যেক বছৰে বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সমস্যা সৃষ্টি হৈ আহিছে যদিও এই ক্ষেত্ৰত পৌৰ সভাখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰিছে ৷

ৰঙাপাৰাত কৃত্ৰিম বানপানী

ABOUT THE AUTHOR

...view details