ৰঙাপৰা,25 ফেব্ৰুৱাৰীঃ ছয়মাহ ধৰি ৰঙাপৰা পৌৰসভাৰ কৰ্মচাৰীয়ে লাভ কৰা নাই নিজৰ প্ৰাপ্য দৰমহা ৷ পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবেই নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে কৰ্মচাৰীসকল ৷ যাৰ ফলত কৰ্মচাৰী সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷ উল্লেখ্য যে, বিগত ছয়মাহ ধৰি দৰমহা পৰা বঞ্চিত হৈ থকা ৰঙাপৰা পৌৰসভাৰ কৰ্মচাৰী আৰু হৰিজনসকলে মাহেকীয়া দৰমহা প্ৰত্যেক মাহতে আদায় দিয়াৰ বাবে দাবী উত্থাপন কৰিছিল পৌৰসভাখনৰ সভানেত্ৰী মিঠু পালক ৷ কিন্ত দৰমহা প্ৰদানৰ ক্ষেত্ৰত সভানেত্ৰী গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়েহে অতিশীঘ্ৰে পৌৰসভাৰ কৰ্মচাৰী আৰু হৰিজনসকলক ছয়মাহৰ দৰমহা আদায় দিয়াৰ দাবী জনাইছে অন্যথা নিজৰ কাম বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে কৰ্মচাৰীসকলে ৷
ছয়মাহে দৰমহাৰ পৰা বঞ্চিত ৰঙাপৰা পৌৰসভাৰ কৰ্মচাৰী - Rangapara municipality staff can not receive six months salaries
বিগত ছয়মাহ ধৰি দৰমহা পৰা বঞ্চিত হৈ থকা ৰঙাপৰা পৌৰসভাৰ কৰ্মচাৰী আৰু হৰিজনসকলে মাহেকীয়া দৰমহা প্ৰত্যেক মাহতে আদায় দিয়াৰ বাবে দাবী উত্থাপন কৰিছিল পৌৰসভাখনৰ সভানেত্ৰী মিঠু পালক ৷ কিন্ত দৰমহা প্ৰদানৰ ক্ষেত্ৰত সভানেত্ৰী গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷
ছয়মাহে দৰমহাৰ পৰা বঞ্চিত ৰঙাপৰা পৌৰসভাৰ কৰ্মচাৰী