অসম

assam

ETV Bharat / state

ৰঙাপাৰাত দুবৃত্তই চালকক গুলিয়াই লৈ গ'ল ভাড়া গাড়ী - গুলিয়াই

ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলিচালনাৰ ঘটনা ৷ শোণিতপুৰৰ ৰঙাপৰাত দুজন দুবৃত্তই চালকক গুলিয়াই কাঢ়ি লৈ গ'ল ভাড়া গাড়ী ৷

ৰঙাপাৰাত দুবৃত্তই চালকক গুলিয়াই লৈ গ'ল ভাড়া গাড়ী

By

Published : Oct 15, 2019, 8:36 PM IST

Updated : Oct 16, 2019, 4:06 AM IST

ৰঙাপৰা, 15 অক্টোবৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা চাঞ্চল্যকৰ ঘটনা ৷ অস্ত্ৰধাৰী দুই গাড়ীচোৰে চালকক গুলিয়াই কাঢ়ি নিলে ভাড়া কৰি নিয়া গাড়ী ৷ ঘটনা অনুসৰি সোমবাৰৰ নিশা 2 বাজি 30 মিনিটত আনদিনাৰ দৰে নিজৰ AS-12P-3060 নম্বৰৰ Alto K10 বাহনখন লৈ ৰঙাপৰা ৰেল ষ্টেচনলৈ ওলাই আহিছিল ৰঙাপৰা নামনিগাঁৱৰ ফাইজুদ্দিন আলি নামৰ এজন যুৱক ৷ উদ্দেশ্য ভাড়া মৰা ৷ কিয়নো গাড়ী ভাড়া মাৰিয়েই পৰিয়াল চলাই আহিছে ফাইজুদ্দিন নামৰ যুৱকজনে ৷ উক্ত দিনটোৰ নিশা ৰেল ষ্টেচনত ৰৈ থকা মুহুৰ্ততে দুজন যুৱকে বালিপৰালৈ আহিবলৈ ৩০০ টকাত বন্দোবস্তি কৰে ফাইজুদ্দিনৰ বাহনখন ৷ কিন্তু যুৱক দুজনক লৈ গন্তব্য স্থান আহি পোৱাৰ পাছত ফাইজুদ্দিনে গাড়ী ৰখোৱাত দুজন যুৱকৰ এজনে ফাইজুদ্দিনক পিষ্টল টোৱাই গুলি কৰি গাড়ী লৈ উধাও হয় ৷ কিন্তু সৌভাগ্য ক্ৰমে পিষ্টলৰ গুলিয়ে ফাইজুদ্দিনৰ কপালত গুৰুতৰ আঘাত হানে যদিও মুত্যুৰ পৰা বাচিবলৈ সক্ষম হয় ফাইজুদ্দিন ৷ এই ঘটনা সংঘটিত হয় বালিপাৰাৰ ঘোঁৰামাৰীস্থিত তেল ডিপোৰ সমীপত ৷ দুৰ্ঘটনা সংঘটিত কৰি দুৰ্বৃত্তৰ দলে গাড়ী লৈ উধাও হোৱাৰ পিছত ফাইজুদ্দিনে ফোনযোগে পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু কিছু সময়ৰ পিছতে পৰিয়ালৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ ফাইজুদ্দিনক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে ৷ পৰিয়ালৰ লোকে ফাইজুদ্দিনক লৈ স্থানীয় শালনিবাৰী আৰক্ষী চকীত গোচৰ তৰে আৰু আৰক্ষীয়ে আঘাতপ্ৰাপ্ত ফাইজুদ্দিনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বৰ্তমান তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ফাইজুদ্দিন ৷

ৰঙাপাৰাত দুবৃত্তই চালকক গুলিয়াই লৈ গ'ল ভাড়া গাড়ী

উল্লেখযোগ্য যে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি আৰক্ষী,নিৰাপত্তাৰক্ষীয়ে অনবৰতে তহল দি থকাৰ পিছতো হাতত উদ্যত মাৰণাস্ত্ৰ লৈ ৰঙাপৰাত মুক্ত বিচৰণ দুৰ্বৃত্তৰ দলৰ ৷ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সংঘটিত এনে ঘটনাই উদঙাই দিছে ৰঙাপৰাৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপটো ৷

Last Updated : Oct 16, 2019, 4:06 AM IST

ABOUT THE AUTHOR

...view details