ৰঙাপৰা,27এপ্ৰিলঃশোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ১ নং গেৰেগাজুলি গাঁৱত বিগত 25 এপ্ৰিলত ডাইনী সন্দেহত এগৰাকী 53 বছৰীয়া মহিলাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা পাঁচটা অভিযুক্তক মঙলবাৰে আটক কৰিছে ৰঙাপৰা আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰা অপৰাধীকেইটা হ’ল ক্ৰমে লেৱেন্দ্ৰ মুছাহাৰী, সুমেশ্বৰ বসুমতাৰী, লিটন বসুমতাৰী, বিস্তু বসুমতাৰী আৰু খৰমদাও মুছাহাৰী ।
আৰক্ষীৰ জালত ৰঙাপৰাত ডাইনী কাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্ত
আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আটক কৰা অভিযুক্ত কেইটা হৈছে, লেৱেন্দ্ৰ মুছাহাৰী, সুমেশ্বৰ বসুমতাৰী, লিটন বসুমতাৰী, বিস্তু বসুমতাৰী আৰু খৰমদাও মুছাহাৰী । এতিয়া প্ৰশ্ন হয়, আৰু কিমান দিনলৈ এনে ধৰণৰ অমানৱীয়, জঘন্য, কু-সংস্কাৰ আৰু অন্ধবিশ্বাসজনিত ঘটনা সংঘটিত হৈ থাকিব ৰাজ্যখনত ৷
ঘটনা অনুসৰি, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং গেৰুৱাজুলিত সংঘটিত হৈছে এই বৰ্বৰ জঘন্য ঘটনাটো ৷ 25 এপ্ৰিলত শনিবাৰে নিশা প্ৰায় ১১ বজাত মহিলা গৰাকীৰ বাসগৃহত দুৰ্বৃত্তৰ এটা দল প্ৰৱেশ কৰি লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে চাৰি সন্তানৰ মাতৃ এই মহিলা গৰাকীক ৷ দুৰ্বৃত্তৰ দলটোৱে হত্যাকাণ্ডটো সংঘটিত কৰি ঘটনাটো গাপ দিয়াৰ বাবে মৃতদেহটো এক কিলোমিটাৰ দূৰত থকা এখন হাবিৰ মাজত গাঁত খান্দি নিশাই পুতি থৈছিল ৷ উক্ত ঘটানটোক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত অব্যাহত আছে চাঞ্চল্যৰ ৷
লগতে পঢ়কঃ অক্সিজেন সংকট: ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ পঠাবলৈ প্ৰস্তুত ভূটান