অসম

assam

By

Published : May 21, 2020, 5:34 PM IST

ETV Bharat / state

ৰঙাপৰাত পানীৰ অভাৱত কৃষকৰ হাহাকাৰ

লক ডাউনে জুৰুলা কৰা কৃষক সকলৰ মাজলৈ অন্য এক সংকট নামি আহিছে ৰঙাপৰাত, পানীৰ অভাবৰ বাবে পেলাব পৰা নাই কঠীয়া ৷ শুকান পথাৰ খনলৈ চাই হুমুনিয়াহ কাঢ়িছে কৃষকসকলে ৷

rangapara farmers situation awaiting rain
পানীৰ অভাৱত কৃষকৰ হাহাকাৰ

ৰঙাপৰা,21মেঃ মহামাৰী কৰ‘না ভাইৰাছে মানৱ জাতিলৈ দুৰ্যোগ কঢ়িয়াই অনাৰ সময়তে অন্য এক দুৰ্যোগ নামি আহিছে কৃষক সকলৰ মাজলৈ বৰষুণ নোহোৱাৰ ফলত ৰঙাপৰাৰ কৃষক ৰাইজে কঠীয়া সিঁচিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । জেঠ মাহৰ প্ৰথমটো সপ্তাহত অতিক্ৰম কৰাৰ পাছতো ভালদৰে বৰষুণ নোহোৱাৰ ফলত কৃষক ৰাইজে কঠীয়া সিঁচিব পৰা নাই । বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষক ৰাইজে শুকান পথাৰ খনলৈ চাই দিন অতিবাহিত কৰিব লগীয়া হৈছে ।

দেশে স্বাধীনতা লাভ কৰা প্ৰায় ৭৩ বছৰ অতিক্ৰম কৰাৰ পিছতো দেশৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা কৃষক ৰাইজৰ সমস্যাৰাজি আজিও সমাধান নোহোৱাৰ অভিযোগ উঠিছে । যাৰ ফলত কৃষক ৰাইজে আজিও বৰষুণৰ পানীৰ ওপৰতে ভৰষা কৰি কৃষি কাৰ্য কৰি থাকিবলগীয়া হৈছে । ৰঙাপৰাৰ ফুলগুৰিৰ আমতল গাঁৱত শ শ হেক্টৰ কৃষি ভূমি পানীৰ অভাৱত খৰাং হৈ পৰি আছে বৃহত্তৰ অঞ্চলটোৰ শতাধিক কৃষকে পানীৰ অভাৱত খেতি পথাৰত নামিব পৰা নাই । আনহাতে ফুলগুৰি অঞ্চলত প্ৰকৃত কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিয়ে ঢুকি নাপালে । লক ডাউনৰ সময়ত একাংশ কৃষকে আৰ্থিক সংকটত ভূগিবলগীয়াত পৰিছে ।

পানীৰ অভাৱত কৃষকৰ হাহাকাৰ

উল্লেখযোগ্য যে চৰকাৰে লকডাউন প্ৰক্ৰিয়া কিছু শিথিল কৰাত কৃষক সকলে কৃষি কৰ্ম কৰিবলৈ পথাৰলৈ ঢাপলি মেলিছিল যদিও কেৱল পানীৰ অভাৱৰ বাবে কৃষক ৰাইজে থমকি ৰ'বলগীয়া হৈছে। সম্প্ৰতি ৰঙাপৰা অঞ্চলৰ কৃষক ৰাইজে উপযুক্ত সময়ত পথাৰত কঠিয়া সিঁচিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। যাৰ বাবে কৃষক ৰাইজে চৰকাৰ তথা কৃষি বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়কঃ আগন্তুক বানপানীৰ পূৰ্বে সষ্টম কাজিৰঙা কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details