অসম

assam

ETV Bharat / state

ৰঙাপৰাৰ তাৰাজুলিত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ - শোণিতপুৰ জিলাৰ ৰঙাপৰাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ

হাতীয়ে দোকানৰ পকীবেৰ ভাঙি ভক্ষণ কৰিলে সুলভ মূল্যৰ চাউল । সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা । ৰঙাপৰাত বনৰীয়া হাতীৰ সন্ত্ৰাসে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ।

ৰঙাপৰাৰ তাৰাজুলিত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ
ৰঙাপৰাৰ তাৰাজুলিত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ

By

Published : Jun 2, 2020, 4:34 PM IST

ৰঙাপৰা, 2 জুনঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত পুনৰ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ত্ৰাসৰ সৃষ্টি কৰে । বনৰীয়া হাতীয়ে দোকানৰ পকীবেৰ ভাঙি ভক্ষণ কৰিলে সুলভ মূল্যৰ চাউল ।

সোমবাৰে নিশা খাদ্যৰ সন্ধানত সোনাই-ৰূপাই অভয়াৰণ্যখনৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে তাৰাজুলি চাহ ফেক্টৰীৰ সমীপত থকা ৰাজেন্দ্ৰ দোগ্লালৰ সুলভ মূল্যৰ দোকানখনৰ এখন পকীবেৰ ভাঙি দোকানৰ ভিতৰত মজুত কৰি ৰখা একবেগ খাদ্য সুৰক্ষাৰ চাউল ভক্ষণ কৰে । পিছত স্থানীয় ৰাইজে বনৰীয়া হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়।

পকীবেৰ ভাঙি ভক্ষণ কৰিলে সুলভ মূল্যৰ চাউল

প্ৰণিধানযোগ্য যে যোৱা ২৫ মে'ৰ নিশাত আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তাৰাজুলি চাহ বাগিচাত নিশা প্ৰায় ১২ মান বজাত পাঁচটা বনৰীয়া হাতীয়ে ৰাজেন্দ্ৰ দোগ্গাৰৰ দোকানত থকা ১৫ বস্তা চাউল ভক্ষণ কৰিছিল। কেইবছৰমান পূৰ্বেও দোগ্গাৰৰ দোকানত থকা নগদ টকাও বন্যহস্তীয়ে খাইছিল। বনাঞ্চল ক্ৰমাৎ হ্ৰাস পায় অহাৰ বন্যপ্ৰাণীৰ বিতৰণ ভূমিৰ অভাৱৰ বাবে সম্প্ৰতি জনাঞ্চলত প্ৰবেশ ঘটিছে বন্যপ্ৰাণী ।

লগতে চাওকঃ ৯ টা লাডু, ৯পাহ ফুল আৰু ৯ ডাল ধূপেৰে কৰ'ণা পূজা ?

ABOUT THE AUTHOR

...view details