অসম

assam

ETV Bharat / state

চাৰিদুৱাৰত চুৰি গাড়ী উদ্ধাৰঃ আৰক্ষীৰ জালত গাড়ী চোৰ - বৃহৎ সফলতা

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । গাড়ী চুৰি হোৱাৰ ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা গাড়ী সহ তিনি গাড়ী চোৰক আটক কৰিবলৈ সক্ষম হৈছে ।

rangapara-driver-deadbody-issue
চাৰিদুৱাৰত চুৰি গাড়ী উদ্ধাৰঃ আৰক্ষীৰ জালত গাড়ী চোৰ

By

Published : Feb 3, 2021, 10:28 PM IST

ৰঙাপৰা, 3 ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । গাড়ী চুৰি হোৱাৰ ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা গাড়ী সহ তিনি গাড়ী চোৰক আটক কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান চলোৱাৰ পাছত গাড়ী চুৰি চক্ৰটোৰ হাতৰ পৰা গাড়ী চালকজনক হত্যা কৰাৰ সময়ত ব্যৱহাৰৰ কৰা পিষ্টলটো জব্দ কৰিবলৈ সক্ষম হয় ।

চাৰিদুৱাৰত চুৰি গাড়ী উদ্ধাৰঃ আৰক্ষীৰ জালত গাড়ী চোৰ

উল্লেখ্য যে, যোৱা ১ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭ মান বজাত বালিপৰা চেণ্টাৰৰ পৰা চাৰিদুৱাৰৰ চেঙেলীমাৰীলৈ যোৱাৰ উদ্দেশ্যৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ দয়াপুৰৰ নিৱাসী বডো খেমৰাইৰ পুত্র শৈলেন্দ্ৰ খেমৰাইয়ে AS ০১ EL ০৩০৮ নম্বৰৰ হোণ্ডাই 'আৰোৰা' গাড়ীখন ভাড়া কৰিছিল । গাড়ী চলাই পৰিয়ালটোক পোহপাল দিয়া বালিপৰাৰ ঢেকেৰিগাঁৱৰ পূৰ্নানন্দ চাহাই নিচিন্ত মনৰে নিজৰ গাড়ীখন লৈ চেঙেলীমাৰীৰ অভিমুখে যাত্ৰা কৰিছিল । পাছত চাৰিদুৱাৰ আৰক্ষী থানাৰ শালবাৰীত গাড়ীখনৰ চালক চাহাক চেঙেলীমাৰীৰ নিৱাসী চবিৰাম বড়ো আৰু একেখন গাঁৱৰে বিশ্বজিৎ মেছ ওৰফে ডেগাৰে নিৰ্জন ঠাইত শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰি পথৰ দাঁতিত মৃতদেহটো পেলাই থৈ গাড়ীখন লৈ পলায়ন কৰে ৷

ইফালে মঙলবাৰে পুৱা শালবাৰীত চালকজনৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতেই চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদে লগে লগে খটখটী আৰু ডিমাপুৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি অভিযান তীব্রতৰ কৰি তোলে । আৰক্ষীয়ে অভিযান চলাই ডিমাপুৰ পূৱ আৰক্ষী থানাৰ এলেকাত চাৰিদুৱাৰৰ পৰা চুৰি হোৱা চাৰিচকীয়া গাড়ীখনৰ সৈতে বিশ্বজিৎ মেছৰ ওৰফে ডেগাৰ আৰু শৈলেন্দ্ৰ খেমৰাইক আটক কৰিবলৈ সক্ষম হয় । তাৰোপৰি চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত গাড়ী চুৰি ঘটনাৰ সৈতে জড়িত থকা চবিৰাম বড়োক চেঙেলীমাৰীৰ নিজা বাসগৃহৰ পৰা শুই থকা অৱস্থাত আটক কৰে । আৰক্ষীয়ে চবিৰাম বড়োৰ হাতৰ পৰা অবৈধ ভাৱে ৰখা ৭.৬৫ পিষ্টলটোৰ সৈতে দুই জাঁই সক্ৰিয় গুলী জব্দ কৰে । চাৰিদুৱাৰত সংঘটিত হোৱা ঘটনাটোৱে জিলাখনত গাড়ী চুৰিৰ এটা চক্ৰ সক্ৰিয় হৈ পৰিছে সেয়া প্ৰতিপন্ন হৈছে ।

লগতে পঢ়ক: প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

ABOUT THE AUTHOR

...view details