ৰঙাপৰা, 17 নৱেম্বৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱতী গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে। ৰঙাপৰাৰ নাহৰণী চাহ বাগিচাৰ অধীনস্থ হাতীবাৰী চাহ বাগিচাৰ ১০ নং শাখাত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ। নাহৰণী চাহ বাগিচাৰ ৩ নং শ্ৰমিক লাইনৰ বাসিন্দা আছিল যুৱতীগৰাকী।
ৰঙাপৰাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ - ৰঙাপৰা আৰক্ষী থানা
শোণিতপুৰ জিলাৰ ৰঙাপৰাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱতী গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে। ৰঙাপৰাৰ নাহৰণী চাহ বাগিচাৰ অধীনস্থ হাতীবাৰী চাহ বাগিচাৰ ১০ নং শাখাত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ।
![ৰঙাপৰাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ rangapara-deadbody-recovered](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9569324-thumbnail-3x2-ranga.jpg)
ৰঙাপৰাৰ নাহৰণী চাহ বাগিছাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ
ৰঙাপৰাৰ নাহৰণী চাহ বাগিছাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ
উল্লেখ্য যে,যোৱা শুকুৰবাৰৰ পৰা যুৱতী গৰাকী সন্ধানহীন হৈ আছিল। ৰহস্যজনক ভাৱে এগৰাকী যুৱতী বিগত চাৰিদিন ধৰি সন্ধানহীন হৈ থকাৰ পাছতো পৰিয়ালৰ লোকে ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা নাছিল। মঙলবাৰে চাহ বাগিচাখনত কৰ্মৰত শ্ৰমিকসকলে চাহগছত ঔষধ ছটিয়াইবলৈ অহাৰ সময়ত যুৱতী গৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। ইপিনে ঘটনাৰ খবৰ পোৱাৰ পাছতেই জিলা প্ৰশাসন,ৰঙাপৰা আৰক্ষী,দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়।
লগতে পঢ়ক: নগাঁৱত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি