ৰঙাপৰা,1 ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰীত বিজেপিৰ ভেটিত প্ৰৱল খহনীয়াৰ সৃষ্টি । বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি এৰি কংগ্ৰেছ মুখী হৈছে বহুলোক । মিছামাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন দলীয় সভা অনুষ্ঠিত হয় দেওবাৰে । মিছামাৰীৰ ধনখনা গাঁৱৰ থকা গোৰ্খা ভৱন অনুষ্ঠিত হোৱা সভাখনত ঢেকীয়াজুলি ব্লক মণ্ডলৰ সভাপতি কৰে প্ৰফুল্ল ৰাভাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিমেশ্বৰ নাথে।
সভাত কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলৰ কৰ্মী ক্ৰমে হৰিশ গোৱালা, সত্যজিৎ সৰকাৰ, কুন্দন শ্বাহ, ৰাহুল প্ৰসাদ, ৰাজা ঠাকুৰ, জ্যোতি মজুমদাৰ, ৰাতুল ডেকা, জিতু দাস, জনছ নাগ আৰু বিৰখ বাহাদুৰ দৰ্জীকে ধৰি প্ৰায় দুই শতাধিক লোকে আনুষ্ঠানিক ভাৱে যোগদান কৰে। মিছামাৰীৰ পৰাই ঢেকিয়াজুলি সমষ্টিৰ পৰা বিজেপিক উৎখাত কৰাৰ হুংকাৰ দিয়ে।