অসম

assam

ৰঙাপাৰাত উদ্ধাৰ দুটাকৈ হাতী পোৱালী

By

Published : Jul 24, 2019, 6:58 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পৰা উদ্ধাৰ হয় দুটাকৈ হাতী পোৱালী ৷ বিগত ১৬ জুলাইত তাৰাজুলী চাহ বাগিচাত এটি ছয়মহীয়া বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হোৱাৰ এদিনৰ পিছতে তাৰাজুলি চাহ বাগিচাত উদ্ধাৰ হয় আন এটা ছয় বছৰীয়া আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালী । এসপ্তাহৰ ভিতৰত বাগিচাখনত দুটাকৈ হাতীৰ পোৱালী এনেদৰে উদ্ধাৰ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক।

ৰঙাপাৰা

ৰঙাপৰা, 24 জুলাইঃ প্ৰলয়ংকাৰী বানৰ কবলত ৰাজ্যৰ পশুকূল ৷ বানৰ ফলত অৰণ্যৰ পৰা ওলাই আহি যেনি-তেনি পলাইছে পশুকূল ৷ ফলত চলিত মাহত শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পৰা উদ্ধাৰ হয় দুটাকৈ হাতী পোৱালী ৷ বিগত ১৬ জুলাইত তাৰাজুলী চাহ বাগিচাত এটি ছয়মহীয়া বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হোৱাৰ এদিনৰ পিছতে তাৰাজুলি চাহ বাগিচাত উদ্ধাৰ হয় আন এটা ছয় বছৰীয়া আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালী ।

ঘটনা সন্দৰ্ভত চাহ বাগিচাখনৰ ২২ নম্বৰ লাইনত মাতৃৰ পৰা বিছিন্ন 6 মহীয়া হাতীৰ পোৱালীটো প্ৰত্যক্ষ কৰে একাংশ শ্ৰমিকে। ইয়াৰ পিছত বনৰীয়া হাতীৰ পোৱালীটো কুনকী হাতীৰ সহায়ত সোনাই-ৰূপাই অভয়াৰণ্যখনলৈ নি মাতৃৰ সৈতে লগলগাই দিয়ে বন বিভাগে। উক্ত ঘটনাৰ এদিন পিছতে ১৮ জুলাইৰ দিনা পুনৰ উক্ত বাগিচাখনৰ ২২ নম্বৰ লাইনত আন এটি 6 বছৰীয়া আঘাতপ্ৰাপ্ত হাতীৰ পোৱালী উদ্ধাৰ হয়। আগফালৰ সোঁ ভৰিত আঘাত প্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা বিশ্বনাথ চাৰিআলিৰ ডব্লিউ টি আইৰ চিকিৎসক ৰিংকু গোঁহাইৰ সহায়ত চিকিৎসা প্ৰদান কৰি কিছু সুস্থ কৰি তোলা হয়। বৰ্তমানেও হাতীৰ এটা বৃহৎ জাকে বাগিচাখনত বিচৰণ কৰি আছে। এসপ্তাহৰ ভিতৰত বাগিচাখনত দুটাকৈ হাতীৰ পোৱালী এনেদৰে উদ্ধাৰ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক।

ৰঙাপাৰা

উল্লেখ্য যে, এমাহৰ পূৰ্ৱে 'লাডেন' নামৰ বনৰীয়া হাতীটোৰ পাছফালৰ ভৰিত কোনো দুস্কৃতিকাৰীয়ে লোহা ৰ’দ নিক্ষেপ কৰাত যন্ত্ৰণাত খোজ কাঢ়িব পৰা নাছিল হাতীটোৱে৷ চিকিৎসকে লাডেনক ট্ৰেংকুইলাজ কৰি চিকিৎসা প্ৰদান কৰিছিল। ক্ৰমান্বয়ে বনৰীয়া হাতীটো সুষ্ঠ হোৱা বুলি জানিব পৰা গৈছে যদিও বন্যহস্তীৰ মুক্ত বিচৰণে চিন্তিত কৰি তুলিছে ৰঙাপাৰাবাসীক ৷

ABOUT THE AUTHOR

...view details