ৰঙাপৰা, 29 ডিচেম্বৰ : শোনিতপুৰ জিলাৰ চাৰিদুৱাৰৰ শালবাৰী সমীপত মঙলবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা । এখন কয়লা ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ পথৰ দাঁতিত বাগৰি পৰে ।
চাৰিদুৱাৰত পথ দাঁতিত বাগৰি পৰিল কয়লাভৰ্তি ট্ৰাক - Rangapara
শোনিতপুৰ জিলাৰ চাৰিদুৱাৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল কয়লাভৰ্তি ট্ৰাক ৷ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল চালক-হেণ্ডিমেনৰ ৷

গুৱাহাটীৰ পৰা NL-01K-3253 নম্বৰৰ দহচকীয়া গাড়ীখন ভালুকপুঙৰ টিপিৰ অভিমুখে গৈ থকা সময়ত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বালিপৰা সংৰক্ষিত বনাঞ্চলৰ শালবাৰীত পথৰ দাঁতিত বাগৰি পৰে ৷ অতি ভয়াৱহ ভাৱে সংঘটিত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ীখনৰ চালক হৰি চাহুৰ । ট্ৰাকখনত অধিক পৰিমাণৰ কয়লা ভৰ্তি কৰি লৈ যোৱাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।
ইতিমধ্যে ঘটনাস্থলীত চাৰিদুৱাৰ আৰক্ষীৰ এটি দল উপস্থিত হৈ গুৰুতৰ ভাৱে আহত চালক হৰি চাহুক উদ্ধাৰ কৰি চাৰিদুৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: শিৱসাগৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে