তেজপুৰ, 18 এপ্ৰিল :ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত থকা প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু ৷ ৰাজ্যৰ চুকে-কোণে এতিয়া ৰঙালীক কেন্দ্ৰ কৰি উছাহ-উদ্দীপনাৰ সীমা নোহোৱা হোৱা দেখা গৈছে ৷
কিন্তু শনিবাৰে মাজনিশা গহপুৰত সংঘটিত পথ দুৰ্ঘটনাত পাঁচগৰাকীকৈ বিহুৱা যুৱক-যুৱতীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ ৰাজ্যত ৷ তাৰমাজতে ৰাঙলী পথাৰত তেজপুৰ আঞ্চলিক বিহু সন্মিলনৰ দ্বাৰা উদযাপন কৰা হৈছে ৰঙালী বিহুৰ বৰ্ণাঢ্য কাৰ্যসূচী(Rangali Bihu celebrations at Tezpur) ৷ অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে গহপুৰৰ দুৰ্ঘটনাত নিহত বিহুৱা যুৱক-যুৱতীৰ পৰলোকগামী আত্মাৰ শান্তি বিচাৰি মৌন প্ৰাৰ্থনা জনোৱা হয় ৷