তেজপুৰ, 27 ছেপ্টেম্বৰ:প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বুধবাৰে তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হ'ব (Defence Minister will arrived Assam wednesday)। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰথমে দিনজান সেনাৰ শিবিৰত উপস্থিত হ'ব । মঙলবাৰে এই বিষয়ে সদৰি কৰিছে প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই । আবেলি প্ৰায় ৪ বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব আৰু তেওঁ দিনজান সেনা শিবিৰত এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিব ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) পূব অৰুণাচল প্ৰদেশৰ সেনাৰ শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'ব বুলি জানিব পৰা গৈছে । তেওঁ ইয়াৰ পিছত তেজপুৰত সেনাৰ গজৰাজ কৰৰ কাৰ্যালয়ত উপস্থিত হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই সদৰি কৰিছে । তেওঁ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সেনাত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদানৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব ।