শোণিতপুৰ, 21 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰা বৰজুলি-খেলমাটি সংযোগী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উখাপন হৈছে ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ উখাপন হৈছে ৷
অভিযোগ অনুসৰি, ৰঙাপৰাৰ বৰজুলি-খেলমাটি সংযোগী গড়কাপ্তানি পথটিৰ মাজত পুখুৰী সৃদৃশ গাঁতৰ সৃষ্টি হৈ মৰন ফান্দলৈ পৰিণত হোৱাৰ পিচত শেহতীয়াকৈ পথটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছিল ৷ কিন্তু পথটি ঠিকা লাভ কৰা ঠিকাদাৰজনে নিজৰ মইমতালিৰে অতি নিম্নমানৰ সামগ্ৰীৰে পথটিৰ পকী কালভাৰ্ট সমূহ নিৰ্মাণ কৰাৰ অভিযোগ প্ৰদান কৰিছে স্থানীয় ৰাইজে ।
তথ্য অনুসৰি, বৰজুলি তিনিআলিৰ পৰা খেলমাটি সংযোগী 8.46 দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বিভাগীয় ঠিকাদাৰ মৌচুম বৰাই । ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ উন্নয়ন আঁচনিৰ অধীনত উক্ত পথটি নিৰ্মানৰ বাবে 2 কোটি 98 লাখ 90 হাজাৰ 800 টকা আৱন্টন দিয়াৰ পিচতো পথটি নিৰ্মাণ হোৱা কেইবাটাও পকী কালভাৰ্টত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ কালভাৰ্ট সমূহত পৰ্যাপ্ত ৰ’ড নিদিয়াৰ উপৰিও ভঙা শিলৰ পৰিৱৰ্তে গোটা শিল ব্যৱহাৰ কৰাৰ অভিযোগ উখাপন হৈছে ৷