অসম

assam

By

Published : Feb 9, 2021, 10:26 PM IST

ETV Bharat / state

স্পীয়েৰ কৰ্পছৰ দায়িত্ব এৰিলে ৰানা প্ৰতাপ কলিতাই

লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই মঙলবাৰে স্পীয়েৰ কৰ্পছৰ দায়িত্বৰ পৰা অব্যাহতি লৈ বিশেষ দায়িত্বৰ বাবে নতুন দিল্লীৰ সেনাৰ কাৰ্যালয়লৈ বদলি হৈছে ৷

Raana Pratap Kalita has been transfer to new delhi amry office
স্পীয়েৰ কৰ্পছৰ দায়িত্ব এৰিলে ৰানা প্ৰতাপ কলিতাই

তেজপুৰ, ৯ ফেব্ৰুৱাৰী : লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই মঙলবাৰে স্পীয়েৰ কৰ্পছৰ দায়িত্বৰ পৰা অব্যাহতি লৈ বিশেষ দায়িত্বৰ বাবে নতুন দিল্লীৰ সেনাৰ কাৰ্যালয়লৈ বদলি হৈছে ৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ পি খংচাই জানিবলৈ দিয়া অনুসৰি জেনেৰেল ৰানা কলিতাই 2020 চনৰ 9 ফেব্ৰুৱাৰীত তৃতীয় ক'ৰ অৰ্থাৎ স্পীয়েৰ কৰ্পৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ।

পি খংচাই কয়, ক’ভিড-১৯ মহামাৰীৰ সময়ত সেনা বাহিনীৰ লগতে সাধাৰণ জনসাধাৰণক সহায় কৰাৰ লগতে সামগ্ৰী বিতৰণ আৰু বহুতো ভিতৰুৱা সীমান্ত অঞ্চলত ৰানা প্ৰতাপ কলিতাই সহায় আগবঢ়াই আহিছিল । ভাৰত চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ পি খংচাই মত প্ৰকাশ কৰে ৷

উল্লেখ্য যে, স্পীয়েৰ কৰ্পছে উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে আভ্যন্তৰীণ শান্তিৰ ক্ষেত্ৰত সফলতা লাভ কৰিছিল ৷

লগতে পঢ়ক: কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

ABOUT THE AUTHOR

...view details