তেজপুৰ.20 অক্টোবৰ:অসম আৰক্ষীৰ বহু সফল অভিযানৰ এক অংশ হৈছে কোৱাৰ্মী নামৰ এটা ট্ৰেকাৰ কুকুৰ ৷দুঃসাহসিক কৰ্মৰ বাবে প্ৰায়ে চৰ্চিত হৈ আহিছে কোৱাৰ্মীৰ নাম ৷ কোৱাৰ্মীয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ট্ৰেকাৰ কুকুৰৰ তালিকাৰ তৃতীয় স্থান ৷ এই বিষয়ে টুইটাৰত প্ৰকাশ কৰিছিল বলীউডৰ অভিনেত্ৰী য়ামী গৌতমে ৷ 2016 চনৰ 16 অক্টোবৰত জন্ম লাভ কৰে কোৱাৰ্মীয়ে ৷ কোৱাৰ্মীৰ সৈতে অভিন্ন সম্পৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৷ গোৱালিয়ৰৰ নেশ্যনেল ট্ৰেইনিং চেণ্টাৰ অৱ ডগত প্ৰশিক্ষণপ্ৰাপ্ত কোৱাৰ্মী কাজিৰঙাৰ বহুকেইটা গঁড় উদ্ধাৰ অভিযানৰ অভিন্ন অংশ ৷ কোৱাৰ্মীয়ে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী ডিভিজনত যোগদান কৰে 2017 চনৰ 17 ডিচেম্বৰত ৷
কোৱাৰ্মীয়ে বিশেষ ভূমিকা আগবঢ়াই চোৰাং চিকাৰী বিৰোধী অভিযানত ৷ এটাৰ পিছত এটাকৈ সফল অভিযানৰ সাক্ষী হৈ পৰে কোৱাৰ্মী নামৰ কুকুৰটো ৷ কোৱাৰ্মীৰ সহযোগতে অভিযানকাৰী দলে চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰে মূল্যৱান সামগ্ৰীৰ উপৰিও .303 ৰাইফলৰ দৰে মাৰণাস্ত্ৰ ৷ 2018 চনত উদ্ধাৰ হয় গঁড়ৰ খড়্গ আৰু বৃহৎ পৰিমাণৰ নগদ ধন ৷ পাৰদৰ্শিতাৰ ভিত্তিতে বিশ্বনাথ আৰক্ষীয়ে বহু অভিযানত বিচাৰে কোৱাৰ্মীৰ সহায়ৰ হাত ৷ প্ৰায়বোৰ অভিযানতে কোৱাৰ্মীৰ সৈতে সফল হয় অসম আৰক্ষী ৷