তেজপুৰ,13 নৱেম্বৰঃ প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন পৰীক্ষা গৱেষণাগাৰ ডি আৰ ডি অ, ডি আৰ ডি এল, আৰ চি আই আদিৰ সহযোগিতাত ভাৰতে শুকুৰবাৰে কুইক ৰিয়েকচন চাৰফেছ এয়াৰ মিছাইল সফল ভাৱে পৰীক্ষণ কৰে ।
কুইক ৰিয়েকচন চাৰফেছ এয়াৰ মিছাইল সফল ভাবে পৰীক্ষণ - চিলিণ্ডাৰ কঢ়িয়াই
শুকুৰবাৰে উৰিষ্যাৰ সাগৰীয় উপকূলত বিয়লি ৩.৫০ বজাত সফল ভাবে পৰীক্ষণ কৰা হয় বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই । এইটো এটা বেটাৰী সংযুক্ত ৰাডাৰ, বেটাৰী পৰিচালিত ৰাডাৰ, বেটাৰী দ্বাৰা পৰিচালিত বাহন আৰু মোবাইলৰ দ্বাৰা লন্স কৰিব পৰা ৬তা চিলিণ্ডাৰ কঢ়িয়াই নিব পৰা ব্যৱস্থা আছে ।
কুইক ৰিয়েকচন চাৰফেছ এয়াৰ মিছাইল সফল ভাবে পৰীক্ষণ
তাৰোপৰি বহু কম সময়ত সহজ ৰেঞ্জ আৰু ঘাটক অঞ্চলৰ পৰা পোনতেই প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা আছে ।
এই মিছাইল পৰীক্ষণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকলো বৈজ্ঞানিক আৰু বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনক শুভেচ্ছা জ্ঞাপন কৰে আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে শলাগ লয়।
লগতে পঢ়কঃ সমষ্টি পৰিবৰ্তন হ’ব অগপৰ বহু জ্যেষ্ঠ নেতাৰ: টিকটক লৈও সংকট