অসম

assam

ETV Bharat / state

Purvottar Bharat Parikrama: ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা কাৰ ৰেলীৰ শুভাৰম্ভ

কলকাতাৰ ফ'ৰ্ট উইলিয়ামছৰ পৰা ইষ্টাৰ্ণ কমাণ্ডৰ ট্ৰেন্স-ইষ্টাৰ্ণ কমাণ্ডৰ কাৰ ৰেলী "পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা" আৰম্ভ (Trans Eastern Command of Eastern Command)। শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এই কাৰ ৰেলীৰ আয়জন কৰা হৈছে ।

By

Published : Mar 22, 2023, 9:59 PM IST

Purvottar Bharat Parikrama began at Kolkata
পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা

পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা

তেজপুৰ, ২২ মাৰ্চ:ইষ্টাৰ্ণ কমাণ্ডৰ GOC লেফটেনেণ্ট জেনেৰেল ৰণা প্ৰতাপ কলিতাই (Lt Gen Rana Pratap Kalita) বুধবাৰে কলকাতাৰ ফ'ৰ্ট উইলিয়ামছৰ পৰা ইষ্টাৰ্ণ কমাণ্ডৰ ট্ৰেন্স-ইষ্টাৰ্ণ কমাণ্ডৰ কাৰ ৰেলী "পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা"ৰ ফ্লেগ অফ কৰে (Purvottar Bharat Parikrama began at Kolkata)। উল্লেখ্য় যে জাতিৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে শ্বহীদ দিৱসৰ প্ৰাক্ক্ষণত এই কাৰ ৰেলৰ আয়োজন কৰা হৈছে (Fort Williams in Kolkata)। ১৯৩১ চনৰ ২৩ মাৰ্চত তিনিজন সাহসী স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু আৰু সুখদেৱে ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল ।

উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ২০ দিনত ৩৮ জন সদস্যই ১০ খন বাহনেৰে এই অভিযান সম্পূৰ্ণ কৰিব । কাৰ ৰেলীটোৱে উত্তৰ-পূব ভাৰতৰ ছিকিম, অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু মেঘালয় ৰাজ্যৰ মাজেৰে মুঠ ৪০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । কঠিন ভূখণ্ডৰ মাজেৰে এই যাত্ৰা কৰি ছিকিম নাথু-লা, ছেলা পাছ অৰুণাচল প্ৰদেশৰ সুৰংগ আৰু বুম-লা, কোহিমাৰ যুদ্ধ স্মৃতিসৌধ আৰু বহুতো ঐতিহাসিক স্থান এই কাৰ ৰেলীয়ে ভ্ৰমণ কৰিব ।

উল্লেখ্য় যে, "পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা" ভাৰতৰ স্বাধীনতাৰ বছৰজোৰা হীৰক জয়ন্তী 'আজাদী কা অমৃত মহোৎসৱ'ৰ অংশ, য'ত দেশৰ যাত্ৰা আৰু বিগত ৭৫ বছৰত জনসাধাৰণৰ সাফল্যসমূহ প্ৰদৰ্শন কৰা হৈছে (Azadi Ka Amrit Mahotsav)। ইয়াৰ লক্ষ্য হৈছে জাতীয়তাবাদক শক্তিশালী কৰা আৰু যুৱক-যুৱতীসকলক ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ প্ৰেৰণা যোগোৱা । এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন, পৰ্যটনক উৎসাহিত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণৰ লগতে দেশৰ বাকী অংশৰ মাজত বান্ধোন সুদৃঢ় কৰাৰ এক অনন্য মঞ্চ হিচাপে কাম কৰিব ।

এই ৰেলীৰ সময়ত সেনাৰ বীৰত্ব বঁটা বিজয়ী আৰু পৰমবীৰ চক্ৰ প্ৰাপকসকলে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত ধাৰাবাহিকভাৱে প্ৰেৰণাদায়ক কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে । তেজপুৰস্থিত গজৰাজ কৰ্পছৰ দ্বাৰা পৰিচালিত আৰু ১২ এপ্ৰিলত মেঘালয়ৰ উমৰয়ত ইয়াৰ শিখৰত উপনীত হ’ব । উত্তৰ-পূৰ্বাঞ্চল বিভাগৰ (DoNER) অধীনত উত্তৰ-পূব পৰিষদৰ সহযোগত "আজাদী কা অমৃত মহোৎসৱ"ৰ কাৰ্যসূচী চলি আছে (North East council)।

লগতে পঢ়ক:Ramadan 2023: ৰমজানৰ ৰোজা ৰখাৰ সময়ত ডায়েবেটিছ ৰোগীয়ে এনেদৰে লওক নিজৰ স্বাস্থ্যৰ যত্ন

ABOUT THE AUTHOR

...view details