ৰঙাপৰা, ৯ অক্টোবৰ: পৰম্পৰা অক্ষুণ্ণ ৰাখি হস্তী পূজা সম্পন্ন কৰিলে শোণিতপুৰৰ ৰঙাপৰাৰ নাথগাঁৱৰ ৰাইজে । ধূপ-ধূনা জ্বলাই আৰু নৈবদ্য আগবঢ়াই ৰাইজে গাভৰু নদীৰ পাৰত কৰিলে পূজা-অৰ্চনা । বনৰীয়া হাতীয়ে যাতে নিজৰ গাঁওখনৰ অনিষ্ট সাধন নকৰে তাৰ বাবে প্ৰাৰ্থনা জনালে ৰাইজে । দৰাচলতে, ৰঙাপৰাৰ নাথ গাঁৱৰ ৰাইজে বিগত ৫০ বছৰ ধৰি এই হস্তী পূজাভাগ কৰি আহিছে ।
পূৰ্বতে অতি দুৰ্গম অঞ্চলত নাথ গাঁৱৰ পুৰুষসকলে গৈ হস্তী পূজা আগবঢ়াইছিল । কিন্তু বিগত কেইবা বছৰ ধৰি তাৰাজুলি বাগিচাৰ শিকবাৰীতে উক্ত পূজাভাগ কৰি আহিছে ৰাইজে । নাথ গাঁৱৰ ৰাইজে বনৰীয়া হাতীৰ বাবে ঘৰতে পকোৱা এক থোক চেনিকল আগবঢ়ায় । ইয়াৰ পাছতে ভক্তপ্ৰাণ ৰাইজে গজেন্দ্ৰ উপাখ্যান পাঠ কৰে আৰু তাৰ পাছত নাম-প্ৰসংগ কৰে ।
নাথ গাঁৱৰ ৰাইজৰ বিশ্বাস অনুসৰি, হস্তী পূজাভাগ জংঘলৰ মাজত কৰি অহাৰ বাবেই বনৰীয়া হাতীয়ে গাঁওখনত কোনো ধৰণৰ ক্ষতিসাধন কৰা নাই । খেতিপথাৰো নষ্ট কৰা নাই ।