অসম

assam

By

Published : May 24, 2020, 1:14 PM IST

ETV Bharat / state

ঐতিহাসিক জামে মছজিদত প্ৰথমবাৰৰ বাবে স্থগিত ঈদৰ নামাজ !

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ঐতিহাসিক জামে মছজিদত অনুষ্ঠিত নহয় সমুহীয়া নামাজ ৷ লকডাউনৰ বাবে সমুহীয়া নামাজ পঢ়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয় মছজিদ পৰিচালনা সমিতিয়ে ৷

ETV BHARAT
ৰঙাপৰা জামে মছজিদতো সমুহীয়া নামাজ বন্ধ

ৰঙাপৰা,24 মেঃসাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ ৰঙাপৰাতো সমুহীয়া নামাজ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ ইছলামধৰ্মী লোকসকলে ৷ ৰঙাপৰা জামে মছজিদ কমিটীৰ বিষয়ববীয়াই সদৰী কৰিলে এই কথা ৷

কাইলৈ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-ঊল-ফিতৰ ৷ বিগত বৰ্ষৰ দৰে এইবেলি ঈদৰ নাই কোনো আনন্দ উৎসাহ ৷ সকলো মছজিদতে এতিয়া নিমাওমাও পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷ লকডাউনৰ বাবে চৰকাৰ প্ৰশাসনে সামাজিক দুৰত্ব বজাই ৰাখি ঈদ অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ আহ্বান জনাইছিল ৷

ৰঙাপৰা জামে মছজিদতো সমুহীয়া নামাজ বন্ধ

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি শোণিতপুৰ জিলাৰ ঐতিহাসিক জামে মছজিদ পৰিচালনা সমিতিয়ে উদযাপন নকৰে সমূহীয়া নামাজ ৷ আনহাতে ৰঙাপৰা জামে মছজিদকে ধৰি ধূলাপাদুং, বৰজুলি, ১ নং ৱাৰ্ড, আমাৰীবাৰী, বালিপৰা, মিছামাৰী, বিন্দুকুৰি আদি ঠাইত থকা মছজিদসমূহতো নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা লক ডাউনৰ ফলত ৰঙাপৰা জামে মছজিদত সমূহীয়া নামাজ পঢ়াৰ বিপৰীতে নিজৰ ঘৰতে সামাজিক দুৰত্ব বজাই ৰাখি শিশু, যুৱক-যুৱতীৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে পৱিত্ৰ ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনাইছে মছজিদ কমিটিৰ বিষয়ববীয়া সকলে । লগতে জামে মছজিদৰ সম্পাদক আব্দুল ৰহিমে বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজক ঈদৰ শুভেচ্ছা জনাইছে ।

লগতে পঢ়ক-অসমত সোমবাৰে উদযাপন কৰা হ'ব ঈদ

For All Latest Updates

ABOUT THE AUTHOR

...view details