অসম

assam

ETV Bharat / state

ৰঙাপৰাত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ৰাজহুৱা সজাগতা সভা - ৰাষ্ট্ৰপতি কালাৰ সন্মান

ৰঙাপৰাৰ নতুন ঘটুৱাত ৰাজহুৱা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি সজাগতা সভা (Awareness program at Rangapara)৷ সভাখনৰ জৰিয়তে নাৰী নিৰ্যাতন, শিশু শ্ৰমিক, বাল্য বিবাহ, ডাইনী হত্যা, ড্ৰাগছ আৰু মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰা আদি বিষয়ত ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান আৰক্ষীৰ ৷

Public Awareness program held at Rangapara in Sonitpur
ৰঙাপৰাত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সজাগতা সভা

By

Published : May 11, 2022, 9:29 PM IST

ৰঙাপৰা, 11 মে' : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নতুন ঘটুৱা গাঁৱত বুধবাৰে অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা (Public Awareness program)। নতুন ঘটুৱা গাঁৱৰ নামঘৰ প্ৰাংগনত ৰঙাপৰা আৰক্ষী থানা সমিতিৰ উদ্যোগত ফুলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত উক্ত সভাত নাৰী নিৰ্যাতন, শিশু শ্ৰমিক, বাল্য বিবাহ, ডাইনী হত্যা, ড্ৰাগছ আৰু মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হয় (Awarness program at Sonitpur)।

ৰঙাপৰাত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সজাগতা সভা

সমাজকৰ্মী বিমল দাস বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাখনত শোনিতপুৰ জিলা উপ-আৰক্ষী অধীক্ষক লোহিত তালুকদাৰ, গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা পৱিত্ৰ নাথ, ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া দেবেন বৰা, গাঁওৰক্ষী বাহিনীৰ অৱসৰ প্ৰাপ্ত চক্ৰ সংগঠক মনিৰাম নাথ, কদমতল হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক উমানাথ উপাধ্যায়, কদমতল হাইস্কুলৰ গাণনিক বলো কুৰ্মী, খেলমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰসন্ন ৰাভা, খেলমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেশ্বৰ বড়ো, ঘটৱা গাঁৱৰ গাঁওবুঢ়া তপন বড়ো, নতুন ঘটুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধনীৰাম বড়ো, ফুলগুৰি গাঁও পঞ্চায়তৰ সভাপতি কৈলাশ ওৰাংকে আদি কৰি কেইবাটাও অঞ্চলৰ গাঁওৰক্ষী বাহিনী সমিতিৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে । সভাত উপস্থিত থকা বক্তাসকলে জনসাধাৰণক সজাগতা সৃষ্টিৰ উদ্দেশ্যে বক্তব্য দাঙি ধৰে ।

ইফালে, মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে অসম আৰক্ষীলৈ প্ৰদান কৰা দেশৰ অন্যতম ৰাষ্ট্ৰপতি কালাৰ সন্মান (President colour award to Assam police) লাভৰ বাবে অতিকৈ আনন্দিত হোৱা বুলি উল্লেখ কৰে উপ-আৰক্ষী অধীক্ষক লোহিত তালুকদাৰে ৷

লগতে পঢ়ক :President's Colour Award : কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত বাইক ৰেলী

ABOUT THE AUTHOR

...view details