ৰঙাপৰা, 31 জুলাই :ৰঙাপৰাৰ আমাৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী শিক্ষাৰ্থীয়ে আমাক ন্যায় লাগে, আমাৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হায় হায়, শিক্ষক-শিক্ষয়িত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী হায় হায়, আমাৰ ওপৰত ভেদভাৱ নচলিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আমাৰীবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদ ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে শনিবাৰে পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ চৌহদত উপস্থিত হৈ শিক্ষাগুৰুসকলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইচ্ছাকৃতভাৱে উত্তীৰ্ণ কৰি নিদিয়াৰ গুৰুতৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ছাত্র-ছাত্ৰীসকলে ইয়াৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখ্য যে, পৰীক্ষা বিহীন হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাইস্কুলখনৰ পৰা 117 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও মাত্ৰ 18 গৰাকী ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছে ।
30 জুলাই শুকুৰবাৰে ঘোষণাকৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ৷ মুঠ 14 টা ৱেবচাইটত উপলব্ধ হৈছে এইবাৰৰ ফলাফল ৷ ৱেবচাইটৰ পৰাই মাৰ্কশ্বীট সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ৷
এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত অৱতীৰ্ণ হ’বলৈ মুঠ 4,26,553 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন(candidate applied for) জনাইছিল ৷ ইয়াৰে 3,97,132 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ 93.10 শতাংশ ৷ উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত 92.90 শতাংশ ছাত্ৰী হোৱাৰ বিপৰীতে 93.34 শতাংশ ছাত্ৰ ৷