ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত চতিয়া আৰু বিশ্বনাথত মৌন সমদল - বিশ্বনাথ
ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত জামুগুৰিহাট আৰু বিশ্বনাথৰ ৰাজপথত চিকিৎসকসকলে মমবাতি লৈ মৌন সমদল ৷
চতিয়া, ৩ চেপ্তেম্বৰঃ যোৰহাট জিলাৰ টিয়ক চাহ বাগিছাৰ একাংশ উন্মাদ শ্ৰমিকৰ বৰ্বৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত আৰু হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত জামুগুৰিহাটৰ ৰাজপথত চিকিৎসকসকলে প্ৰজ্বলিত মমবাতি লৈ মৌন সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চিকিৎসকসকলৰ উদ্যোগত উলিওৱা এই মৌন সমদল কাৰ্য্যসূচীত উত্তৰ জামুগুৰি ৩০খন বিচনাযুক্ত চিকাৎসালয়,জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ,কুসুমটোলা আদৰ্শ চিকিৎসালয়, ইটাখোলা স্বাস্থ্যকেন্দ্ৰ,চতিয়া প্ৰাথমিক চিকিৎসালয়,নাগশংকৰ চিকিৎসালয়,ভেলেওগুৰি স্বাস্থ্যকেন্দ্ৰ,ৰঙাচকুৱা স্বাস্থ্যকেন্দ্ৰ আৰু তেৱাৰিপাল স্বাস্থ্যকেন্দ্ৰৰ ১৫ গৰাকী চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীৰ লগতে সচেতন লোকসকলেও অংশগ্ৰহণ কৰে ৷ জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰৰ পৰা সন্ধিয়া ৭ বজাত উলিওৱা এই সমদল জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজেদি পৰিভ্ৰমণ কৰি পুনৰ জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰত সামৰণি পেলোৱা হয় ৷ তেজপুৰ মহকুমা স্বাস্থ্য বিষয়া তথা চিকিৎসক ডাঃ ৰূপক বৰুৱা,জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ হৰেণ শইকীয়াকে আদি কৰি চিকিৎসকসকলে অংশগ্ৰহণ কৰা এই মৌন সমদলৰ জৰিয়তে টিয়কত চিকিৎসকৰ ওপৰত হোৱা এই বৰ্বৰ আক্ৰমণ তথা নৃশংস হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰাৰ লগতে বৰ্তমান কৰ্মৰত চিকিৎসক তথা কৰ্মচাৰীবৃন্দৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈও দাবী জনায় ৷