অসম

assam

ETV Bharat / state

NSCN ৰ বিৰুদ্ধে নাগালেণ্ডত প্ৰতিবাদ সাব্যস্ত - নাগালেণ্ডৰ চেনলোইচো

নাগালেণ্ডৰ চেনলোইচোত শেহতীয়াকৈ সংঘটিত এক ঘটনাত NSCN (KYA)ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ য'ত তেওঁলোকে নাগালেণ্ডৰ স্থানীয় লোকসকলৰ বিৰুদ্ধে কৰা জঘন্য কাৰ্য-কলাপৰ দৃশ্য পোহৰলৈ আহিছে ৷ প্ৰকৃততে কি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহৰ মাজত ?

http://10.10.50.80//assam/13-August-2021/as-tezpur-13aug-03-pix-nscnkya-pranabkumardas-7203907_13082021215804_1308f_1628872084_952.jpg
নাগালেণ্ডত প্ৰতিবাদ সাব্যস্ত

By

Published : Aug 14, 2021, 9:04 AM IST

তেজপুৰ, 14 আগষ্ট : বিগত কিছুদিনৰ পৰা এটাৰ পিছত আনটো নতুন সমস্যাৰ সৃষ্টি হৈছে । শুকুৰবাৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জনোৱা অনুসৰি, 10 আগষ্টত চেনলোইচোৰ অধ্যক্ষই চেনলোইচো-হাইড্ৰ' প্ৰকল্পৰ ট্ৰেকৰ পৰা হোৱা ভূমিস্খলন পৰিষ্কাৰ কৰিবলৈ সহায় বিচাৰি COB চেনলোইচোত থকা অসম ৰাইফলছৰ কাষ চাপিছিল ৷ অসম ৰাইফলছৰ কোম্পানী কমাণ্ডাৰে লগে লগে গাঁৱৰ অধ্যক্ষক তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থনৰ বাবে নিশ্চিত আশ্বাস প্ৰদান কৰে ৷

পৰৱৰ্তী সময়ত অৰ্থাৎ 11 আগষ্টত নিৰাপত্তা কৰ্মীৰ এটা দলে গাঁৱৰ মুৰব্বী আৰু গাঁওবুঢ়াৰ সৈতে ভূমি শ্লাইড এলেকাত উপস্থিত হয় ৷ তদুপৰি ভূমিস্খলনৰ বাবে বন্ধ হোৱা পথ পৰিস্কাৰৰ কাম ত্বৰান্বিত কৰাৰ বাবে অসম ৰাইফলছৰ দ্বাৰা জেচিবিৰো ব্যৱস্থা কৰা হয় ৷ 12 আগষ্টত প্ৰয়োজনীয় সঁজুলি আৰু জেচিবিৰ সৈতে এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু কাংগিনু, ৱাংটো আৰু চেনলোইচোৰ স্থানীয় গাঁওবাসীৰ সহায়ত কাম আৰম্ভ কৰে ৷

নাগালেণ্ডত প্ৰতিবাদ সাব্যস্ত

কাম সম্পন্ন হোৱাৰ পিছত সন্ধিয়া গাঁওবাসী আৰু অসম ৰাইফলছৰ কৰ্মীসকলে একেলগে নিজ নিজ স্থানলৈ উভতাৰ সময়তে পাহাৰৰ ওপৰৰ পৰা তিনিটা হেণ্ড গ্ৰেণেড নিক্ষেপ কৰা হয় ৷ কিন্তু এই গ্ৰেণেড স্থানীয় লোকৰ সন্মুখত বিস্ফোৰিত হয় ৷ উল্লেখ্য যে, তিনিটাকৈ গ্ৰেণেডৰ মাত্ৰ এটাৰহে বিস্ফোৰণ ঘটে ৷

যাৰ ফলত কাংগিনু গাঁৱৰ এগৰাকী 75 বছৰীয়া মিষ্টাৰ কেইপা নামৰ ব্যক্তি আঘাতপ্ৰাপ্ত হয় ৷ নিৰাপত্তা বাহিনীয়ে লগে লগে উক্ত গ্ৰেণেড নিক্ষেপ কৰা স্থানৰ ফালে কেইবা ৰাউণ্ড গুলীচালনা কৰে । আঘাতপ্ৰাপ্ত স্থানীয় লোকজনক তৎক্ষণাৎ নিৰাপত্তা বাহিনীয়ে অসম ৰাইফলছৰ কোম্পানীৰ ঘাটিলৈ লৈ নি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷

NSCN ৰ বিৰুদ্ধে প্ৰতিবাদ

পৰৱৰ্তী সময়ত লোকজনক উন্নত চিকিৎসাৰ বাবে সোমলৈ প্ৰেৰণ কৰা হয় ৷ স্থানীয় লোকসকলক সহায়ৰ সৈতে জড়িত থকাৰ বাবে NSCN (KYA) য়ে ক্ষুব্ধ হৈ গাঁওবাসীৰ ওপৰত এই আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ কিয়নো গাঁওবাসীয়ে উগ্ৰপন্থী সংগঠনটোৰ কেডাৰসকলক আৰ্থিক সাহায্য বা ৰেচন সন্দৰ্ভত কৰা সমৰ্থন বাবে বিৰত আছে ৷ এই কথা সদৰী কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই ৷

লগতে চাওক:অসমতে উপলব্ধ হ'ব কৰ্কট ৰোগৰ বিনামূলীয়া অত্যাধুনিক চিকিৎসা

ABOUT THE AUTHOR

...view details