ৰঙাপৰা, 12 জুনঃ শুকুৰবাৰে ৰঙাপৰা চহৰৰ মাজ মজিয়াত দেখিবলৈ পোৱা গ'ল এক প্ৰতিবাদী মানৱ শৃংখল ৷ বাঁও গণতান্ত্ৰিক মঞ্চ অসমৰ আহ্বান মৰ্মে শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো দলটোৰ মুখ্য সহযোগী দল চি পি আই (এম)য়ে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত চি পি আই (এম)ৰ প্ৰতিবাদ - অসমৰ সমসাময়িক সমস্যা সমাধানৰ দাবী
শুকুৰবাৰে কেইবাটাও দাবীৰে ৰঙাপৰা চহৰৰ মাজ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে চি পি আইএম)দলে ৷ বাঁও গণতান্ত্ৰিক মঞ্চ,অসমৰ আহ্বানমৰ্মে সমগ্ৰ অসমৰ লগতে ৰঙাপাৰতো সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷
আয়কৰ দিব নলগীয়া প্ৰতিটো পৰিয়ালক মাহিলি ৭৫০০ টকাকৈ ৬ মাহলৈ নগদ ধন প্ৰদান কৰা, 6 মাহলৈ প্ৰতিজন মানুহক মাহিলি ১০ কেজিকৈ বিনামূলীয়া চাউল আদিৰ যোগান ধৰা,নিজ ৰাজ্যলৈ ঘূৰাই অনা বিভিন্ন স্থানত আবদ্ধ শ্ৰমিক সকলক বিনামূলীয়া পৰিবহন,খাদ্যৰ ব্যৱস্থা কৰা,এমজিএনৰেগা আঁচনিৰ অধীনত শ্ৰমিকক বছৰি ২০০ দিনৰ কাম আৰু বৰ্ধিত হাৰৰ মজুৰি প্ৰদানৰ লগতে অনুৰূপ কৰ্মসংস্থাপনৰ আঁচনি চহৰাঞ্চলৰ দুখীয়া লোকৰ বাবেও সম্প্ৰসাৰণ কৰা,বাঘজান কাণ্ডৰ ন্যায়,দিহিং-পাটকাই বর্ষাৰণ্য তথা অভয়াৰণ্যত কয়লা খনন বন্ধ কৰা আদি ভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷