অসম

assam

By

Published : Dec 3, 2019, 5:29 PM IST

ETV Bharat / state

বিভিন্ন দাবীৰে চাৰিদুৱাৰত আছা আৰু আক্ৰাছুৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী

চাৰিদুৱাৰত মংগলবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়,ঘটনাৰ বিৱৰণী ক্ৰমে, ছাগলীয়াৰ পৰা চতিয়ালৈকে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বড়োলেণ্ড সম্প্ৰসাৰণ বাতিলৰ দাবীত এই বিশাল প্ৰতিবাদী সভাখন অনুষ্ঠিত হয়

কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বড়োলেণ্ড সম্প্ৰসাৰণ বাতিলৰ দাবীত এই বিশাল প্ৰতিবাদী সভাখন অনুষ্ঠিত
চাৰিদুৱাৰত সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ

ৰঙাপৰা,3 ডিচেম্বৰ: শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত মংগলবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ঘটনাৰ বিৱৰণী ক্ৰমে, ছাগলীয়াৰ পৰা চতিয়ালৈকে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বড়োলেণ্ড সম্প্ৰসাৰণ বাতিলৰ দাবীত এই বিশাল প্ৰতিবাদী সভাখন অনুষ্ঠিত হয় ৷ চাৰিদুৱাৰৰ ফৰেষ্টগেটৰ ন্যাকুম খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাখনত ৰঙাপৰা আৰু চতিয়া বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ ৰাইজ উপস্থিত হয় । তদুপৰি প্ৰতিবাদস্থলীত ৰাইজে ‘ক্ষমতাৰ বাবে বিভাজন বন্ধ কৰক, বিটিচি সম্প্ৰসাৰণ মানি লোৱা নহ’ব,বড়োলেণ্ড মানি লোৱা নহ’ব,সম্প্ৰীতি-ঐক্য-ভাতৃত্ববোধ জীয়াই ৰাখক,কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ,সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ চৰকাৰে এই প্ৰতিবাদৰ প্ৰতি কিমান গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷

চাৰিদুৱাৰত সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ

ABOUT THE AUTHOR

...view details