ৰঙাপাৰা, 21 ছেপ্তেম্বৰ: শোণিতপুৰৰ ৰঙাপৰাত এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে ৰাইজক ৷ উপায়হীন হৈ বাৰিষাৰ কালত বিধ্বস্ত হৈ পৰা পথটি নিৰ্মাণৰ দাবীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজে ৷ ৰঙাপৰাৰ হাতীডুবি, নেপালী পাম গাঁৱৰ ৰাইজে পথচোৱা নিৰ্মাণৰ দাবীত বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ ৰাইজৰ অভিযোগ অনুসৰি, পথচোৱা নিৰ্মাণ অথবা মেৰামতিৰ নামত গড়কাপ্তানী বিভাগটোৱে অঞ্চলবাসী ৰাইজক দুবাৰকৈ চৰম প্ৰতাৰণা কৰিছে ৷
ৰঙাপৰাত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ
ৰাইজৰ অভিযোগ পথচোৱা নিৰ্মাণ অথবা মেৰামতিৰ নামত গড়কাপ্তানী বিভাগটোৱে অঞ্চলবাসী ৰাইজক দুবাৰকৈ চৰম প্ৰতাৰণা কৰিছে ৷
উল্লেখ্য যে, ফুলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীডুবি গাঁৱৰ মাজেৰে যোৱা পথচোৱাৰে মনিজাৰণী, হাবিগাঁও, গৰখীয়াপুখুৰী, নাহৰণী বৰছন আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি অহা-যোৱা কৰি আহিছে৷ যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা বাট-পথ সমূহ উন্নয়ন হৈ অহা বুলি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ঢাক-ঢোল বজাই আহিছে তেনে সময়ত হাতীডুবি গাঁৱৰ বিধ্বস্ত পথচোৱা নিৰ্মাণৰ নামত আজিকোপতি এটুকুৰা শিল নপৰিল ৷ আগন্তুক দিনত চৰকাৰে যদিহে পথচোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃপ্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ