অসম

assam

By

Published : Jun 17, 2019, 8:18 PM IST

ETV Bharat / state

ৰঙাপৰাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ

শোণিতপুৰ সোনাবিলস্থিত এবিটাৰ কাৰ্যালয় ঘেৰাও চাহ শ্ৰমিকৰ । সোমবাৰে কাৰ্যালয় ঘেৰাও আৰু বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ৷ অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰঙাপৰা আৰু বিশ্বনাথ চাৰিআলি শাখাই চাহ শ্ৰমিকৰ মজুৰিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীতে প্ৰতিবাদ সাব্যস্ত কৰে

ৰঙাপৰাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ

ৰঙাপৰা,17 জুনঃ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ দাবীত উত্তাল প্ৰতিবাদ অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৷ শোণিতপুৰ সোনাবিলস্থিত এবিটাৰ কাৰ্যালয় ঘেৰাও চাহ শ্ৰমিক ৰাইজৰ। সোমবাৰে কাৰ্যালয় ঘেৰাও আৰু বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ৷ অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰঙাপৰা আৰু বিশ্বনাথ চাৰিআলিৰ শাখাই চাহ শ্ৰমিকৰ মজুৰিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । উৎকট গৰমকো নেওচি শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ বিভিন্ন চাহ বাগিছাৰ পৰা অহা শতাধিক শ্ৰমিকে প্ৰায় ২ কিলোমিটাৰ পথ পদযাত্ৰা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদস্থলীত এবিটাৰ সম্পাদক গৰাকী উপস্থিত হোৱাৰ পাছতে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰঙাপৰা শাখাৰ সম্পাদক ৰয়েল চৰেং আৰু বিশ্বনাথ চাৰিআলিৰ শাখাৰ সম্পাদক ধীৰেন ভূমিজ স্বাক্ষৰিত চাৰিটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ চি চি পি এ অসম শাখাৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনত জুন মাহৰ ভিতৰত

  • চাহ শ্ৰমিকে পাব লগা অন্তৱৰ্তীনকালীন বকেয়াৰ টকা আদায় দিয়া
  • চৰকাৰে ঘোষণা কৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351.33 টকা শীঘ্ৰে আদায় দিয়া
  • এক লাখ নতুন স্থায়ী শ্ৰমিক নিযুক্তি দিয়া
  • চাহ বাগিচাৰ শ্ৰমিকে বাস কৰা ভেটি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰাৰ

দাবী উত্থাপন কৰে । আনহাতে, অনাগত দিনত চাহ শ্ৰমিক ৰাইজৰ জ্বলন্ত সমস্যা সমূহ অসম চৰকাৰে সমাধান কৰাত ব্যৰ্থ হ'লে 15 ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জংগী আন্দোলন গঢ়ি তুলিব বুলি ৰয়েল চৰেঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

ৰঙাপৰাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details