অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰঙাপৰাত চি পি আই(এম)ৰ প্ৰতিবাদ

আলু-পিয়াঁজৰ মূল্যই এতিয়া কন্দুৱাই পেলাইছে জনসাধাৰণক। তাৰ পাছতো সম্পূৰ্ণ ভাৱে নিমাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ। ৰঙাপৰাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত বুধবাৰে চি পি আই (এম)য়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

protest aginest price hike at daily market in daily essential goods at rangapara
ৰঙাপৰাত মূল্যবৃদ্ধিৰ প্ৰতিৰোধৰ দাবীত চি পি আই (এম)ৰ প্ৰতিবাদ

By

Published : Nov 4, 2020, 6:04 PM IST

ৰঙাপৰা,4 নৱেম্বৰঃ ৰাজ্যখনত শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক। ইতিমধ্যে চেঞ্চুৰি অতিক্ৰম কৰিছে শাক-পাছলিৰ দামে। আলু-পিয়াঁজৰ মূল্যই কন্দুৱাই পেলাইছে জনসাধাৰণক। তাৰ পাছতো সম্পূৰ্ণ ভাৱে নিমাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ। মূল্যবৃদ্ধিৰ প্ৰতিবাদত বুধবাৰে চি পি আই (এম)য়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

চহৰখনৰ মাজ মজিয়াত চি পি আই (এম)ৰ কৰ্মীসকলে হাতে হাতে দলীয় ৰঙা পতাকা আৰু ফেষ্টুন-বেনাৰ আদি লৈ মূল্যবৃদ্ধি ৰোধ কৰক, আলু-পিয়াজ, শাক-পাচলিৰ মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰি নোৱাৰা বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ব্যৰ্থ হ’ল কিয়, জবাব লাগে জবাব দিয়ক, আলু-পিয়াজৰ মূল্যবৃদ্ধি ৰোধ কৰক, চি পি আই (এম) জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

লগতে পঢ়কঃ অপৰাধীক কৰায়ত্ব কৰাৰ বাবে কৰিমগঞ্জত আৰক্ষীক সময় বান্ধি দিলে ৰাইজে

ABOUT THE AUTHOR

...view details