তেজপুৰ,৪জুলাইঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ বিজেপিৰ কৰ্মকৰ্তাই আৰু ইটানগৰৰ বিজেপিৰ কৰ্মকৰ্তাই জনসাধাৰণৰ সহযোগত দাহ কৰিলে চীনৰ সামগ্ৰী আৰু ৰাষ্ট্ৰপতি জিং পিং ছবিত সানিলে কলা ৰং,বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কৰিলে চীনা সামগ্ৰী । ১৫ জুনত গালোৱান উপত্যকাত ভাৰতীয় সেনাৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ পিছত ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰ শ্বহীদ হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে চীনা এপছ নিষিদ্ধ কৰাৰ লগে-লগে পাহাৰীয়া ৰাজ্যখনত সৰ্মথন কৰা দেখা যায় ৷
অৰুণাচলত চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিমূৰ্তি দাহ - গালোৱান উপত্যকা
অৰুণাচল প্ৰদেশৰ টাৱাং জিলা আৰু ৰাজধানী ইটানগৰত চীনৰ ৰাষ্ট্ৰপতি জিং পিং ৰ প্ৰতিমূৰ্তি দাহ, বৰ্জন কৰিলে চীনা সামগ্ৰী । বীৰ শ্বহীদ সেনা জোৱানৰ প্ৰতি শ্ৰৰ্দ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে চীনৰ সেনাবাহিনীৰ এই বৰ্বৰতাক নিন্দা কৰে ৷

চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিমূৰ্তি দাহ
চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিমূৰ্তি দাহ
বীৰ শ্বহীদ সেনা জোৱানৰ প্ৰতি শ্ৰৰ্দ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে চীনৰ সেনাবাহিনীৰ এই বৰ্বৰতা নিন্দা কৰে পশ্চিম অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৱৰ্তী টাৱাং জিলাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ লগতে ৰাজধানী পাপুম পাৰে জিলাৰ কৰ্মী সকলে ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াৰ জৰিয়তে চীনা সামগ্রী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে 50,000 টকাৰ জৰিমনাৰো জাননী জাৰি কৰিছিল ৰাজ্যখনৰ কেবাটাও সংগঠনে । এতিয়া হিমালয়ৰ পাদদেশৰ ভাৰত-চীন সীমান্তৰ পাহাৰীয়া ৰাজ্যখন এক প্ৰকাৰ প্ৰতিবাদ মুখৰ হৈ উঠিছে।