ৰঙাপৰা, 22 মাৰ্চ:আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰ সভাসমূহে ৰাজ্য উত্তাল কৰি ৰখাৰ মাজতে ৰাজ্যত দেখা গৈছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দেওবাৰে শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বালিপৰা আঞ্চলিক পঞ্চায়ত আৰু বালিপৰা গাঁও পঞ্চায়তৰ অধীনৰ বালিপৰাৰ মোলান গাঁৱৰ ৰাইজে ন' ৰ'ড ন' ভোট শ্ল’গানেৰে উত্তাল কৰিলে ৰাজপথ ৷
যি সময়ত ৰাজ্যৰ চৌদিশে নিৰ্বাচন কেন্দ্ৰীক বতাহে উত্তপ্ত কৰি ৰখাৰ লগতে শাসক-বিৰোধী সকলোৱে উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটাৰৰ কাষ চপাৰ বাবে পদূলিয়ে পদূলিয়ে গৈ ভোট ভিক্ষা কৰিছে, তেনে সময়তে এটি সুচল পকী পথ লাভ নকৰাৰ প্ৰতিবাদত স্থানীয় জন প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।